ETV Bharat / bharat

ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ কৃতিত্ব... - আন্তঃজাতিক নাৰী দিৱস 2020

নাৰীয়ে নিজকে দুৰ্বল, পুৰুষৰ বহতীয়া বুলি ভাবি থকাৰ মানসিকতা ত্যাগ কৰি সাহসী, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰশীল হ'বৰ হ'ল । এই ক্ষেত্ৰত সম্পূৰ্ণ বিশ্বতে লিংগ বৈষমতা দূৰ কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰিছে আন্তঃজাতিক নাৰী দিৱস 2020ৰ মূল বিষয় 'Each for Equal' য়ে ৷

তেওঁ আমাক অনুপ্ৰেৰণা যোগায়
তেওঁ আমাক অনুপ্ৰেৰণা যোগায়
author img

By

Published : Mar 7, 2020, 9:13 PM IST

তেওঁ আমাক অনুপ্ৰেৰণা যোগায়...

পৃথিৱীৰ সৰ্বশ্ৰেষ্ট মানৱ জাতিটোৰ দুই সত্বা- নাৰী আৰু পুৰুষ । জন্মতেই এটি শিশু নাৰী বা পুৰুষ হিচাপে নহয় মানৱ শিশু হিচাপেহে মাতৃগৰ্ভৰ পৰা পৃথিৱীত ভূমিষ্ঠ হয় । শাৰীৰিক ভিন্নতাৰ ভিত্তিত সেই নৱজাতকটিক ল'ৰা সন্তান আৰু কন্যা সন্তান হিচাপে চিহ্নিত কৰা হয় যদিও, নাৰী পুৰুষ হিচাপে চিনাক্ত কৰা নহয় । কিন্তু লাহে লাহে সেই সন্তানটিক নাৰী অথবা পুৰুষ হ'বলৈ শিকায় পৰিয়াল তথা সমাজে । পুৰুষ শাসিত এই সমাজত এটি কন্যা সন্তান জন্মলগ্নৰ পৰাই লিংগ বৈষম্যৰ চিকাৰ হয় ।

কিন্তু নাৰীয়ে নিজকে দুৰ্বল, পুৰুষৰ বহতীয়া বুলি ভাবি থকাৰ মানসিকতা ত্যাগ কৰি সাহসী, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰশীল হ'বৰ হ'ল । এই ক্ষেত্ৰত সম্পূৰ্ণ বিশ্বতে লিংগ বৈষমতা দূৰ কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰিছে আন্তঃজাতিক নাৰী দিৱস 2020 ৰ মূল বিষয় 'Each for Equal' য়ে ৷ সমতা স্থাপন তথা সমাজৰ পৰা লিংগ বৈষম্য দূৰ কৰাৰ বাবে উদযাপন কৰা হৈছে মহিলাৰ কৃতিত্বসমূহ

এই ক্ষেত্ৰত আমাক গৌৰৱান্বিত কৰি তুলিছে ভাৰতীয় মহিলা বিজ্ঞানীসকলে ৷ মহিলা বিজ্ঞানীসকল সকলোৰে বাবে এক অনুপ্ৰেৰণা ..

মিছাইল প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত ভাৰতৰ মিছাইল প্ৰজেক্টক নেতৃত্ব দিয়া ড0 টেছী থ'মাছ হৈছে প্ৰথমগৰাকী মহিলা বিজ্ঞানী ৷ এই কৃতিত্বৰ বাবে তেওঁক ইতিমধ্যে কেবাটাও মৰ্যদাপূৰ্ণ পুৰষ্কাৰ প্ৰদান কৰা হৈছে ...

ড0 টেছী থ'মাছ
ড0 টেছী থ'মাছ
  1. লাল বাহাদূৰ শাস্ত্ৰী নেশ্যনেল এৱাৰ্ড ফ'ৰ এক্সিলেঞ্চ ইন পাব্লিক এডমিনিষ্ট্ৰেচন এণ্ড মেনেজমেন্ট- 2012
  2. ডি আপ ডি অ' অগ্নি এৱাৰ্ড ফ'ৰ এক্সিলেঞ্চ ইন চেল্ফ-ৰিলায়েন্স- 2001
  3. ডি আপ ডি অ' এৱাৰ্ড ফ'ৰ পাঠ ব্ৰেকিং ৰিচাৰ্ৰ্চ/আউটষ্টেণ্ডিং টেক্ন'ল'জি ডিপাৰ্টমেন্ট- 2007
  4. ডি আপ ডি অ' চাইন্টিষ্ট অৱ দা ইয়াৰ এৱাৰ্ড- 2008
  5. ডি আপ ডি অ' পাৰফ'মেন্স এক্সিলেঞ্চ এৱাৰ্ড ফ'ৰ অগ্নি 4 ইন 2011
  6. ডি আপ ডি অ' পাৰফ'মেন্স এক্সিলেঞ্চ এৱাৰ্ড ফ'ৰ অগ্নি 5 ইন 2012
  7. সোশান শৰ্মা এৱাৰ্ড বাই দা ইনষ্টিটিয়োছন অৱ ইঞ্জিনিয়াৰচ (ভাৰত)
  8. নেশ্যনেল ডিজাইন এণ্ড ৰিচাৰ্ৰ্চ ফ'ৰাম ফ'ৰ ইঞ্জিনিয়াৰিং ডিজাইন ইন - 2009
  9. মেডাম মেৰি ক্যুৰি মহিলা ভিজনানা পুৰষ্কাৰ - 2012

ড0 ইণ্ডিৰা হিণ্ডোজা

তেখেত এগৰাকী এম.ডি., PhD, ভাৰতীয় স্ত্ৰী ৰোগ বিশেষজ্ঞৰ লগতে প্ৰসূতিবিদ্যাৰ বিশেষজ্ঞ ৷ ড0 হিণ্ডোজাৰ গৱেষণাৰ ফলাফলসমূহ কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চিকিৎসাজনিত আলোচনীত প্ৰকাশ পাইছে ৷ চিকিৎসা বিজ্ঞানত তেওঁৰ কৰ্মৰাজীৰ বাবে ভাৰত চৰকাৰে ড0 হিণ্ডোজাক পদ্মশ্ৰী বঁটা প্ৰদান কৰে ৷

ড0 ইণ্ডিৰা হিণ্ডোজা
ড0 ইণ্ডিৰা হিণ্ডোজা

ৰিতো কাৰিধাল শ্ৰীবাস্তৱ

মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত ISRO ৰ স'তে কাম কৰা তেওঁ এগৰাকী ভাৰতীয় মহিলা ৷ ৰিতো কাৰিধাল শ্ৰীবাস্তৱ ভাৰতৰ মংগল গ্ৰহ কক্ষপথ পৰিভ্ৰমণ মিচন "মংগলয়ান" ৰ ডিপোটি অপাৰেছন ডাৰেক্টৰ আছিল ৷ তেখেত এগৰাকী এয়াৰোস্পেচ ইঞ্জিনিয়াৰ হিচাবেও পৰিচিত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.