ETV Bharat / bharat

বিশ্বত কৰ’ণাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 19 মিলিয়ন: বিশ্ব স্বাস্থ্য সংস্থা

author img

By

Published : Aug 9, 2020, 8:08 AM IST

ভাৰতত 61,537 গৰাকী লোক নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হৈছে ৷ লগতে মৃত্য়ু ঘটিছে 933 গৰাকী লোকৰ ৷ শনিবাৰৰ দিনটোত ভাৰতত কোভিড 19 ত আক্ৰান্তই স্পৰ্শ কৰিছে 20,88 612 ৰ সংখ্যা ৷ এই তথ্য প্ৰকাশ কৰিছে দেশৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পাৰ সদৰী কৰা তথ্য অনুসৰি,দেশত কৰ’ণাত আক্ৰান্ত হৈ মৃত্য়ু ঘটা লোকৰ সংখ্যা 42,518 গৰাকীলৈ বৃদ্ধি পাইছে ৷

According to WHO Global COVID 19 tally surpasses 19 million etv bharat news
বিশ্বত কৰ’ণাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 19 মিলিয়ন

মস্কো/নতুন দিল্লী,9 আগষ্ট: বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ’ৱে শনিবাৰে প্ৰকাশ কৰা অনুসৰি, বিগত 24 ঘণ্টাত সমগ্ৰ বিশ্বত 2,84,000 গৰাকী লোক নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ এই সংখ্যা বৃদ্ধিৰ লগে লগে কৰ’ণাত আক্ৰান্তৰ সংখ্যাই 19.4 মিলিয়ন স্পৰ্শ কৰিছে ৷ এই সময়ছোৱাত প্ৰায় 7,16,075 গৰাকী লোকে ভাইৰাছবিধত আক্ৰান্ত হৈ কৰুণ মৃত্যুক আঁকোৱালি লয় ৷ ইয়াৰ পূৰ্বে শুকুৰবাৰে ডব্লিউ এইচ অ’ৱে তিনিস্তৰীয় মাস্ক পৰিধানৰ বিষয়ে টুইট কৰিছিল, যি কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহায়ক হিচাপে পৰিচিত হৈছে ৷

শুকুৰবাৰৰ দিনটোলৈকে আমেৰিকাত 58,173 গৰাকী লোক নতুনকৈ ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ দেশখনত প্ৰায় 4.9 মিলিয়ন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ জনস হপকিনচ বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা অনুসৰি, দেশখনত 198 দিন পূৰ্বে অৰ্থাৎ চলিত বৰ্ষৰ 22 জানুৱাৰীত প্ৰথমটো কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ তথ্য পোহৰলৈ আহিছিল ৷ শনিবাৰৰ দিনটোত আমেৰিকাত 1,243 গৰাকী লোকে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৷ দেশখনত আক্ৰান্তৰ সংখ্যাই শীঘ্ৰে 5 মিলিয়নৰ সীমা অতিক্ৰম কৰিব বুলি আশংকা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ কিন্তু আক্ৰান্তসকলৰ মাজৰ পৰা 11.7 মিলিয়ন লোকে আৰোগ্য লাভ কৰিছে ৷

আনহাতে,ভাৰতত 61,537 গৰাকী লোক নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হৈছে ৷ লগতে মৃত্য়ু ঘটিছে 933 গৰাকী লোকৰ ৷ শনিবাৰৰ দিনটোত ভাৰতত কোভিড 19 ত আক্ৰান্তই স্পৰ্শ কৰিছে 20,88 612 ৰ সংখ্যা ৷ এই তথ্য প্ৰকাশ কৰিছে দেশৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পাৰ সদৰী কৰা তথ্য অনুসৰি,দেশত কৰ’ণাত আক্ৰান্ত হৈ মৃত্য়ু ঘটা লোকৰ সংখ্যা 42,518 গৰাকীলৈ বৃদ্ধি পাইছে ৷

প্ৰায় 20,88,612 গৰাকী কোভিড 19 ত আক্ৰান্তৰ বিপৰীতে আজিও ভাইৰাছবিধত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 6,19,088 গৰাকী লোক ৷ তদুপৰি 14,27,006 গৰাকী লোক বৰ্তমান সুস্থ হৈ ঘৰলৈ উভটিছে ৷ বিশ্বৰ অন্যান্য প্ৰান্তৰ তুলনাত ভাৰতত প্ৰতি মিলিয়নত সৰ্বনিম্ন 1469 গৰাকী লোক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৷ যি হাৰ সমগ্ৰ বিশ্বৰ তুলনাত 2.04 শতাংশ ৷ বিগত 24 ঘণ্টাত 48,900 গৰাকী লোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ ভাৰতত ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ হাৰ হৈছে 68.32 শতাংশ ৷

লগতে চাওকঃ জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.