নিউজ ডেস্ক , 13 আগষ্টঃ সামাজিক মাধ্যমত অপমানসূচক মন্তব্য কৰি দলৰ পৰা বহিস্কৃত হ’ল আম আদমি পাৰ্টিৰ প্ৰাক্তন বিধায়ক জাৰ্ণেইল সিং ৷ হিন্দু দেৱতাক কঠোৰভাৱে সমালোচনা তথা তাচ্চিল্য কৰি সামাজিক মাধ্যমত কৰা এটা মন্তব্যৰ বাবেই এই দলীয় শাস্তিৰ সন্মুখীন হ’ব লগা হয় নেতাগৰাকী ৷ প্ৰাক্তন বিধায়কগৰাকীয়ে পাছত তেখেতৰ পোষ্টটো সামাজিক মাধ্যমৰ পৰা ডিলিট কৰে যদিও ইতিমধ্যে ভাইৰেল হোৱা পোষ্টটোৰ বাবে দলটোৰ শীৰ্ষ নেতৃত্বই এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ৷
পাঞ্জাৱৰ আম আদমি পাৰ্টিৰ তত্বাবধায়কে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে যে, তেখেতে যি মন্তব্য কৰিলে সেয়া ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰা আম আদমি পাৰ্টিৰ বাবে সঁচাই মৰ্যদা হানিকৰ ৷ কেৱল এয়ে নহয়, ই গুৰু নানক তথা শিখসকলৰ আদৰ্শৰ পৰিপন্থী ৷
উল্লেখযোগ্য যে, 1984 চনৰ শিখ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদত 2009 চনত এখন সংবাদমেলত প্ৰাক্তন বিত্তমন্ত্ৰী পি. চিদাম্বৰমলৈ জোতা দলিয়াই প্ৰথমবাৰৰ বাবে বিখ্যাত হৈছিল আম আদমি পাৰ্টিৰ নেতাগৰাকী ৷ ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ বিৰুদ্ধে পূৰ্বে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নেতাগৰাকী 2017 চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰেন্দ্ৰৰ সিঙৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাজিত হৈছিল ৷
লগতে পঢ়কঃ আমিনগাৱঁত স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি