ETV Bharat / bharat

ব্ৰু শৰণাৰ্থীৰ বাবে বাধ্যতামূলক কৰা হ'ল আধাৰ কাৰ্ড - আধাৰ কাৰ্ড

পুনৰ সংস্থাপন আঁচনিৰ সুবিধা সমূহ আদায় কৰাৰ বাবে ব্ৰু শৰণাৰ্থী সকলৰ থাকিব লাগিব আধাৰ কাৰ্ড । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক জাননী যোগে মঙলবাৰে এই কথা ঘোষণা কৰে । মঙলবাৰৰ পৰা ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্যত এই নিৰ্দেশ কাৰ্যত পৰিণত কৰা হৈছে ।

ব্ৰু শৰণাৰ্থীৰ বাবে বাধ্যতামূলক কৰা হ'ল আধাৰ কাৰ্ড

author img

By

Published : Feb 3, 2021, 7:18 PM IST

নেচনেল ডেস্ক, ৩ ফেব্ৰুৱাৰী: ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্যৰ ব্ৰু শৰণাৰ্থী সকলৰ বাবে ঘোষণা কৰা সাহাৰ্যৰ সুবিধা আদায় কৰাৰ উদ্দেশ্যে প্ৰতিগৰাকী শৰণাৰ্থীৰে আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে । মঙলবাৰে গৃহ মন্ত্ৰণালয়ে এই কথা ঘোষণা কৰে ।

"ব্ৰু শৰণাৰ্থী সকলৰ পুনৰ সংস্থাপনৰ বাবে ত্ৰিপুৰা আৰু মিজোৰাম চৰকাৰৰ বাবে সাহাৰ্য" (গ্ৰান্ট এইড টু গভৰ্ণমেন্ট অফ ত্ৰিপুৰা এণ্ড মিজোৰাম ফৰ দা ৰিহেবিলিটেশ্যন অফ ব্ৰু মাইগ্ৰেন্টচ্‌) শীৰ্ষক কেন্দ্ৰীয় আঁচনিৰ অধীনত সুবিধা আদায় কৰাৰ বাবে গৃহ মন্ত্ৰণালয়ে আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে ।

জানিব পৰা মতে এই আঁচনিৰ অধীনত ব্ৰু ব্যক্তি সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে ৰাজ্যিক চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য লাভ কৰিব । গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা জাননী খনত এইবুলি কোৱা হৈছে যে, উক্ত আঁচনিৰ অধীনত সুবিধা আদায় কৰিবৰ বাবে হিতাধিকাৰী সকলে আধাৰ কাৰ্ডৰ প্ৰমাণ আবেদনৰ সৈতে জমা দিব লাগিব । মঙলবাৰৰ পৰা মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত এই নিৰ্দেশ কাৰ্যত পৰিণত কৰা হয় ।

লগতে পঢ়ক: 6 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.