ETV Bharat / bharat

CAAৰ বিৰুদ্ধে পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ অভিনৱ প্ৰতিবাদ

author img

By

Published : Dec 24, 2019, 11:57 AM IST

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ ৰবীহা আব্দুৰেহিম নামৰ এগৰাকী ছাত্ৰীয়ে ৷ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত স্বৰ্ণ পদক প্ৰত্যাখ্যান কৰে ৰবীহাই ৷

পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰী
ৰবীহা আব্দুৰেহিম

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰ : পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ ৰবীহা আব্দুৰেহিম নামৰ এগৰাকী ছাত্ৰীয়ে সোমবাৰে অনুষ্ঠিত সমাৱৰ্তন মহোৎসৱত স্বৰ্ণ পদক প্ৰত্যাখ্যান কৰি চৰ্চালৈ আহিছে ৷ তথ্য অনুসৰি,নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশতে যি প্ৰতিবাদ সাব্যস্ত হৈছে সেই প্ৰতিবাদৰ ৰবীহা এগৰাকী নিয়মিত অংশগ্ৰহণকাৰী আছিল ৷ বিজেপি নেতা তৰুণ বিজয়ৰ পণ্ডিচেৰী বিশ্ববিদ্যালয় ভ্ৰমণৰ সময়তো তেওঁ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

ৰবীহা আব্দুৰেহিমৰ স্বৰ্ণ পদক প্ৰত্যাখ্যান

উল্লেখ্য যে,এই সমাৱৰ্তনতে 2018 চনত উত্তীৰ্ণ হোৱা বহুকেইজন স্বৰ্ণ পদকধাৰীয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিৰ বিৰোধিতা কৰি সমাৱৰ্তন বহিস্কাৰ কৰে ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অংশগ্ৰহণ কৰা এই অনুষ্ঠান বহিস্কাৰ কৰিবলৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই অনুৰোধ জনাইছিল ৷ এই ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰিলেও পদক প্ৰত্যাখ্যান কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷

সাংবাদিকতা আৰু গণ মাধ্যম বিভাগৰ ৰবীহা আব্দুৰেহিম নামৰ ছাত্ৰীগৰাকীক সমাৱৰ্তনত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাছিল ৷ সমাৱৰ্তনৰ পূৰ্বেই ৰবীহা আব্দুৰেহিমক জনোৱা হৈছিল যে,ৰাষ্ট্ৰপতিয়ে সমাৱৰ্তন ত্যাগ নকৰালৈকে তেওঁক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ৷ এই সম্পৰ্কত ছাত্ৰীগৰাকীয়ে মন্তব্য কৰে, "মই নাজানো কিয় মোক সমাৱৰ্তনত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল ৷ কিন্তু সমাৱৰ্তনত প্ৰৱেশ কৰা মোৰ বন্ধুসকলে আৰক্ষীক এই সম্পৰ্কত প্ৰশ্ন কৰে আৰু তেওঁলোকে জনায় যে,সম্ভৱত তেওঁ বিশেষ ধৰণে স্কাৰ্ফ পৰিধান কৰা বাবে প্ৰৱেশ কৰিবলৈ দিয়া নাই ৷ এইটোৱে কাৰণ হ'ব পাৰে কিন্তু মোৰ সন্মুখত কোনেও সঠিক কাৰণ জনোৱা নাই ৷ তেওঁলোকে কয় যে, মোৰ লগত আলোচনা কৰিব বিচাৰে ৷ ৰাষ্ট্ৰপতি অনুষ্ঠানৰ পৰা যোৱাৰ পাচতহে মোক সমাৱৰ্তনত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হয় ৷"

কেৰালাৰ ছাত্ৰীগৰাকীয়ে ইয়াৰ পাচতে সমাৱৰ্তনত প্ৰৱেশ কৰি নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিৰ প্ৰতিবাদত স্বৰ্ণ পদক প্ৰত্যাখ্যান কৰে ৷ এই সম্পৰ্কত তেওঁ কয়, "যেতিয়া তেওঁলোকে মোক স্বৰ্ণ পদক গ্ৰহণৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনাই মই প্ৰত্যাখ্যান কৰিলো ৷ ভাৰতত বৰ্তমান যি পৰিস্থিতি হৈ আছে এনে সময়ত মই এই পদক গ্ৰহণ কৰিব নিবিচাৰো ৷ এন আৰ চি, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰা আৰু শান্তিৰে প্ৰতিবাদ কৰি আৰক্ষীৰ বৰ্বৰতাৰ সন্মুখীন হোৱাসকলৰ সৈতে থিয় দিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছো ৷"

ৰবীহাই লগতে কয়,"শিক্ষিত যুৱচামে অন্যায় সহ্য নকৰে ৷ তেওঁলোকে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি যাব ৷"

আৰু পঢ়ক : অখিল গগৈৰ মুক্তিৰ দবীত অসম ভৱনৰ সন্মুখত প্ৰতিবাদঃ আটক 35 গৰাকী ছাত্ৰ ছাত্ৰী

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.