ETV Bharat / bharat

আন্না হাজাৰেক গুপ্ত ঘাটকৰ দ্বাৰা হত্যাৰ ষড়যন্ত্ৰ! - Narendra modi

আন্না হাজাৰেই চিবি আইৰ বিশেষ আদালতক জনায় যে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহাৰ বাবেই তেওঁক গুপ্ত ঘাটকৰ দ্বাৰা হত্যাৰ ষড়যন্ত্ৰ কৰা হৈছে ৷

আন্না হাজাৰেক গুপ্ত ঘাটকৰ দ্বাৰা হত্যাৰ ষড়যন্ত্ৰ
author img

By

Published : Jul 10, 2019, 1:21 PM IST

মুম্বাই, 10 জুলাইঃ প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰেই মঙলবাৰে চিবি আইৰ বিশেষ আদালতক তেওঁৰ জীৱনৰ ক্ষেত্ৰত বৃদ্ধি পোৱা ভাবুকি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰে ৷ তেওঁ জনায় যে ওছমানাবাদৰ তাৰনা চেনি কোম্পানীত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহাৰ বাবেই তেওঁক হত্যাৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি অভিযোগ কৰে নেতাগৰাকীয়ে ৷ উল্লেখ্য যে কংগ্ৰেছ নেতা পৱন ৰাজে নিমভালকাৰৰ হত্যাৰ গোচৰৰ শুনানিত চৰকাৰী সাক্ষীৰূপে অৱতীৰ্ণ হোৱাৰ পাছৰেই পৰা হত্যাৰ ভাবুকি লাভ কৰিছে নেতাগৰাকীয়ে ৷ এই গোচৰত প্ৰাক্তন মন্ত্ৰী তথা এন চি পি নেতা পদ্মসিন পাটিল জড়িত থকাৰ অভিযোগ আছে ৷ প্ৰণিধানযোগ্য যে Terna Public Charitable Trust ৰ সভাপতি হোৱাৰ মাধ্যমেৰে তাৰনা চেনি কোম্পানীৰ লগতো পদ্মসিন পাটিল জড়িত ৷ ইতিমধ্যেই নেতাজনে লাভ কৰা ভাবুকি সন্দৰ্ভত আহমদ নগৰ থানাত এজাহাৰ দাখিল কৰিছে ৷ তেওঁৰ নিৰাপত্তাৰ বিষয়টো দেশৰ প্ৰধানমন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক অৱগত কৰে যদিও পাটিলৰ ৰাজনৈতিক সৱল স্থিতিৰ বাবে নেতাজনৰ বিৰুদ্ধে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷

Intro:Body:

ANNA HAZARE

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.