নিউজ ডেস্ক,3আগষ্ট: দাৰ্জিলিঙত এম্বুলেঞ্চৰ পৰা দেওবাৰে পলায়ণ কৰে এগৰাকী ক'ভিড আক্ৰান্ত ব্যক্তিয়ে ৷ 55বছৰীয়া ব্যক্তিগৰাকী কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱাৰ পাছতেই দাৰ্জিলিঙৰ চিকিৎসা কৰ্মীয়ে দেওবাৰে প্ৰায় 9বজাত এম্বুলেঞ্চৰ জৰিয়তে লৈ গৈছিল অঞ্চলটোৰ ত্ৰিবেণী ক'ভিড চিকিৎসালয়লৈ ৷ কিন্তু ক'ভিড আক্ৰান্ত ব্যক্তিজনক চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱাৰ সময়তে সংঘটিত হয় আন এক ঘটনা ৷
এম্বুলেঞ্চৰ গৰাকীৰ মন্তব্য অনুসৰি,প্ৰস্বাৱ কৰিবলৈ যোৱাৰ চলেৰে ব্যক্তিজনে বাহনখনৰ পৰা নামি এখন জংঘললৈ গৈছিল ৷ তাৰ পৰাই ব্যক্তিজনে পলায়ন কৰে ৷ এম্বুলেঞ্চখনৰ বাহনৰ গৰাকীয়ে বহু বিচাৰ-খোচাৰ কৰে যদিও ব্যক্তিজনক বিচাৰি নাপাই ৷
অন্য এক খবৰৰ বাবে:শিলচৰত উত্তেজনাময় পৰিৱেশ
ইয়াৰ পাছতেই এম্বুলেঞ্চৰ বাহনৰ গৰাকীয়ে খবৰ দিয়ে আৰক্ষীক ৷ স্থানীয় জোৰেবুংগলো আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বৰ্তমান অব্যাহত ৰাখিছে তদন্ত ৷
আৰক্ষীৰ ভাষ্য অনুসৰি,ক'ভিড আক্ৰান্ত ব্যক্তিগৰাকীয়ে নিজ পত্নীক হত্যা কৰাৰ গোচৰত কাৰাবন্দী হৈ আছিল ৷ এসপ্তাহ পূৰ্বে এমাহৰ বাবে প্যাৰোল লাভ কৰিছিল আদালতৰ পৰা ৷ প্যাৰোল লাভ কৰাৰ পাছতেই কাৰাবন্দী ব্যক্তিগৰাকীৰ স্বাৱ পৰীক্ষা কৰা হৈছিল আৰু ব্যক্তিজনৰ দেহত ধৰা পৰিছিল ক'ভিড-19ৰ উপস্থিতিৰ কথা ৷