ETV Bharat / bharat

ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত বিবাহযাত্ৰীৰ বাছঃনিহত 24 জন

ৰাজস্থানৰ বুন্দী জিলাৰ মেজ নদীত বিবাহযাত্ৰীৰ এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ৷ দুৰ্ঘটনাটোত 24 জন যাত্ৰী নিহত হোৱাৰ লগতে আহত হয় আন বহু যাত্ৰী ৷

author img

By

Published : Feb 26, 2020, 1:33 PM IST

a bus fell in to river more than 24 people died
ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত বিবাহযাত্ৰীৰ বাছ

নেশ্যনেল ডেস্ক,26 ফেব্ৰুৱাৰী: ৰাজস্থানৰ বুন্দী জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ জিলাখনৰ কোটা দোসা মেগা ৰাষ্ট্ৰীয় ঘাইপথৰ মেজ নদীত বাগৰি পৰে বিবাহযাত্ৰীৰ এখন বাছ ৷ প্ৰায় 60 গৰাকী বিবাহযাত্ৰী আছিল বাছখনত ৷ দুৰ্ঘটনাটোত 24 জন যাত্ৰী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন কেইবাজনো লোক৷ ঘটনাস্থলীত উদ্ধাৰকাৰী দলৰ লগতে প্ৰশাসনিক বিষয়া উপস্থিত হৈ অব্যাহত ৰাখে উদ্ধাৰ অভিযান ৷

উল্লেখ্য যে, বিবাহ সম্পূৰ্ণ কৰি কোটাৰ পৰা সবাইমাধোপুৰ উভতি আহি থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই নদীত সোমাই যায় বাছখন ৷ বাছখনৰ চালকৰ টোপনি আহি যোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় বুলিও আন একাংশই মন্তব্য কৰে ৷ ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত প্ৰশাসন আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ অব্যাহত ৰাখে উদ্ধাৰ অভিযান ৷

অধিক খবৰৰ বাবে:শাৰীৰিক বাধা নেওচি দুৰন্ত ৰূপত ফিল'বাৰীৰ প্ৰিয়ংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.