নিউজ ডেস্ক, ১০ জুলাইঃ বিগত দুদিনত সমগ্ৰ দেশজুৰি দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । কিন্তু ইয়াৰ মাজতে শুকুৰবাৰে ঝাৰখণ্ডৰ এটি খবৰে সকাহ দিছে ঝাৰখণ্ডবাসীক । ঝাৰখণ্ডৰ ছাহিবগঞ্জৰ ছকৰোগড়ৰ বাসিন্দা দ্ৰৌপদী দেৱী নামৰ এগৰাকী ৯৯ বছৰীয়া মহিলাই, বিশ্ব ত্ৰাসৰ সৃষ্টি কৰা মহামাৰীক পৰাজিত কৰি সম্পূৰ্ণৰূপে আৰোগ্য় হৈ উঠে । বৰ্ষীয়ান মহিলা গৰাকীৰ পুত্ৰৰ পৰা মহিলা গৰাকীৰ দেহলৈ এই মাৰাত্মক ভাইৰাছ সংক্ৰমণ হয় বুলি জানিব পৰা গৈছে ।
আনহাতে, ৰাজমহল হাস্পতালত চিকিৎসাধীন হৈ থকা ৯৯ বছৰীয়া মহিলা গৰাকীৰ ২ বাৰকৈ নিগেটিভ ৰিপ'ৰ্ট অহা পাচতে হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়ে চিকিৎসকে । বৰ্ষীয়ান মহিলা গৰাকীৰ হাইপ'টেশ্বন, মধুমেহ আৰু কোনো ধৰণৰ বেমাৰ নথকাৰ বাবেই আৰোগ্য হৈ উঠে বুলি মত প্ৰকাশ কৰে ।