ETV Bharat / bharat

কৰ’ণা যুদ্ধত জয়ী হ’ল 98 বছৰীয়া প্ৰাক্তন চিপাহী - নৌসেনা হাস্পতাল

মুম্বাইৰ নেৰুলৰ নিৱাসী 98 বছৰীয়া প্ৰাক্তন চিপাহী ৰামু লক্ষ্মণ চকপালক শনিবাৰে কৰ’ণামুক্ত বুলি ঘোষণা কৰা হয় ৷ উল্লেখ্য যে, কিছু সপ্তাহ পূৰ্বে নিম’নিয়াত আক্ৰান্ত হোৱাৰ পাচত মুম্বাইস্থিত INHS Asvini নৌসেনা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল চকপালক ৷

98 year old war veteran beats Coronavirus
কৰ’ণা যুদ্ধত জয়ী হ’ল 98 বছৰীয়া প্ৰাক্তন চিপাহী
author img

By

Published : Aug 16, 2020, 7:42 PM IST

নিউজ ডেস্ক, 16 আগষ্ট: মুম্বাইস্থিত এখন নৌসেনা হাস্পতালত 98 বছৰীয়া এগৰাকী যোদ্ধাই কৰ’ণাৰ পৰা আৰোগ্য লাভ কৰে ৷ উল্লেখ্য যে, মুম্বাইৰ নেৰুলৰ নিৱাসী প্ৰাক্তন চিপাহী ৰামু লক্ষ্মণ চকপালক সংকটজনক অৱস্থাত ভাৰতীয় নৌসেনা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ কিছু সপ্তাহ পূৰ্বে ক’ভিড-19ৰ বাবে তেওঁ নিম’নিয়াতো আক্ৰান্ত হৈছিল ৷

নৌসেনা হাস্পতালতে তেওঁ সুস্থ অৱস্থালৈ ঘূৰি আহে আৰু শনিবাৰে স্বাধীনতা দিৱসৰ দিনাই প্ৰাক্তন চিপাহীজন কৰ’ণামুক্ত বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

ভাৰতীয় সেনা কৰ্তৃপক্ষই জনোৱা মতে, চিপাহী চকপালে ভাৰতীয় স্থলসেনাৰ মহাৰ ৰেজিমেণ্টত কাম কৰিছিল ৷ 1918 চনৰ স্পেনিছ ফ্লু’ৰ পাচত চলিত বৰ্ষত কৰ’ণা ভাইৰাছৰ অৱস্থিতি দেখিবলৈ পোৱা গৈছে ৷ চকপালৰ সফল আৰোগ্যই প্ৰতিকূল পৰিস্থিতিত মানৱ আত্মাত সাহস আৰু অপেক্ষাৰ উদাহৰণ দাঙি ধৰিছে বুলি কৰ্তৃপক্ষই মন্তব্য কৰে সেনা কতৃপক্ষই ৷

প্ৰাক্তন চিপাহী চকপালে আৰোগ্য লাভ কৰাৰ পাচত প্ৰাথমিক নৌসেনা স্বাস্থ্য কেন্দ্ৰ INHS Asviniৰ পৰা হাস্পতাল কৰ্তৃপক্ষই তেওঁক উষ্ম বিদায় দিয়ে ৷ ইয়াৰ লগতে হাস্পতাল কৰ্তৃপক্ষই নৌসেনা, স্থলসেনা, বায়ুসেনাৰ সকলো ক’ভিড ৰোগীৰ সেৱাৰ বাবে প্ৰতিজ্ঞাৱদ্ধ বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: 5টকা মাননি লোৱা চেন্নাইৰ প্ৰখ্যাত চিকিৎসক ডাঃ থিৰুভেনগাদান আৰু নাই !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.