ETV Bharat / bharat

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Nov 3, 2020, 9:07 AM IST

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

9 বজাৰ দহটা শীৰ্ষ বাতৰি
9 বজাৰ দহটা শীৰ্ষ বাতৰি

চাহ শ্ৰমিকৰ বাসগৃহত নৈশ যাপন কৰিলে জীতেন্দ্ৰ সিঙে

প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্ব গ্ৰহণ কৰাৰ পাচত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰে জীতেন্দ্ৰ সিঙে ৷ প্ৰথমবাৰৰ বাবে অসমলৈ আহি ভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ অন্তত ডিব্ৰুগড় চহৰৰ সমীপৰ লেপেটকতা চাহ বাগিছাৰ এগৰাকী চাহ শ্ৰমিকৰ বাসগৃহত নৈশ যাপন কৰে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক গৰাকীয়ে ৷

মন্ত্ৰী হিমন্তক চেলেঞ্জ বিধায়ক শ্বেৰমান আলীৰ

নিৰ্বাচনৰ পূৰ্বেই শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰি দেখুৱাবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে বিধায়ক গৰাকীয়ে ৷ শেহতীয়াকৈ মিঞা সংগ্ৰহালয় স্থাপনৰ দাবী উত্থাপন কৰা বিধায়ক গৰাকীক নিৰ্বাচনৰ পাচতেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্ত্ৰী হিমন্তই প্ৰদান কৰা হুংকাৰক উভতি ধৰে বিধায়ক গৰাকীয়ে ৷

নগাঁৱৰ শেনচুৱাত চোৰৰ সন্ত্ৰাস,বাসগৃহত অগ্নিসংযোগ কৰাৰ সন্দেহ

শেনচুৱাৰ দুটাকৈ পৰিয়ালৰ বাসগৃহত চোৰ ৷ চোকা অস্ত্ৰলৈ মুখত কাপোৰ লগাই চোৰে প্ৰৱেশ কৰাৰ পিছতেই সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ চোৰে বাসগৃহটোত অগ্নিসংযোগ কৰাৰ সন্দেহ স্থানীয় লোকৰ ৷

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

আজি অনুষ্ঠিত হ'ব বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আজিৰে পৰা আৰম্ভ হৈছে ৷ মুঠ 94খন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷

পদ্ম বঁটাপ্ৰাপক বিশিষ্ট ভায়োলিনবাদক টিএন কৃষ্ণণৰ দেহাৱসান

পদ্ম বঁটাপ্ৰাপক দেশৰ প্ৰখ্যাত ভায়োলিনবাদক টিএন কৃষ্ণণে সোমবাৰে বিয়লিৰ ভাগত চেন্নাইত প্ৰাণত্যাগ কৰে ৷ দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অৱ মিউজিক এণ্ড ফাইন আৰ্টছৰ ডীন আছিল কৃষ্ণণ ৷

জিলা প্ৰশাসনৰ অনুমতি অবিহনে কৰিমগঞ্জত কৰিব নোৱাৰিব প্ৰতিবাদ

আইন শৃংখলা আৰু ক'ভিড প্ৰট'কল ভংগ কৰি কোনো ধৰণৰ সভা আৰু সমদলৰ আয়োজন কৰিব নোৱাৰিব কৰিমগঞ্জ জিলাত ৷ নিলামবাজাৰ আৰক্ষী বিষয়া আৰ পি ৰংমাইৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰে ৷

অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি জনাই গৃহমন্ত্ৰীলৈ সোণোৱালৰ চিঠি

শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ ল’বলৈ আজি কাছাৰ জিলাৰ উপায়ুক্তৰ সৈতেও এক ভিডিঅ' কনফাৰেঞ্চত মিলিত হয় মুখ্যমন্ত্ৰী সোণোৱাল । একে সময়তে তেওঁ সোমবাৰে মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকো অশান্তজৰ্জৰ সীমান্ত অঞ্চললৈ যাবলৈ নিৰ্দেশ দিয়ে ‌।

চিৰাঙত ভয়ংকৰ অগ্নিকাণ্ড : 50 লক্ষাধিক টকাৰ ক্ষতি

চিৰাঙৰ বিজনীৰ ২নং বিষ্ণুপুৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড । সম্পূৰ্ণ ৰূপে জুইত জাহ গল ২নং বিষ্ণুপুৰ বজাৰ । জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে সম্পূৰ্ণ গাঁওখন ৷

বিহাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভা

বিহাৰত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷ বিহাৰৰ প্ৰায় 200 খন সমাবেশথলীত ডিজিটেল মাধ্যমেৰে প্ৰচাৰ কৰা হ'ব মোদীৰ নিৰ্বাচনী সভা ৷

ভিয়েনাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ, 2জন নিহত 15জন আহত

অষ্ট্ৰিয়াৰ ভিয়েনা চহৰত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত দুগৰাকী লোক নিহত হয় ৷ ইপিনে এই আক্ৰমণত 15 গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি চহৰখনৰ শীৰ্ষ আৰক্ষী বিষয়াই সংবাদমাধ্যমক জনাইছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.