ETV Bharat / bharat

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Sep 16, 2020, 9:00 AM IST

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

টিংখাঙত শিশুৰ নামত অহা খাদ্যৰ অপচয়

চৰকাৰে যোগান ধৰা শিশুৰ পুষ্টিকৰ আহাৰ এতিয়া জীৱ-জন্তুৰহে দানা হৈছেগৈ টিংখাঙত ৷ টিংখাং সংহত শিশু বিকাশ প্ৰকল্প কাৰ্যালয়ত জাবৰৰ দমৰ দৰে বস্তাই বস্তাই পেলাইছে শিশুৰ পুষ্টিকৰ আহাৰ ৷

ফেচবুকত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে

শদিয়াত বিজেপি দলত যোগদানক লৈ বিধায়ক বলিন চেতিয়াৰ নাটক ৷ চৰকাৰী আচঁনিৰ আধাৰশিলা অনুষ্ঠানলৈ অহা লোকক বিজেপি দলত যোগদান কৰা বুলি নিজৰ ফেচবুক পে’জত প্ৰকাশ কৰাৰ পিচতেই ক্ষোভিত হৈ পৰিছে একাংশ ৰাইজ ৷ বিধায়কক সকিয়নী ক্ষোভিত ৰাইজৰ ৷

উত্তৰ বিহাৰৰ কেইবাটাও প্ৰান্ত জোকাৰি যায় ভূইকঁপে

বুধবাৰে পুৱা প্ৰায় 5:04 বজাত ভূইকঁপে জোকাৰি যায় চুবুৰীয়া ৰাষ্ট্ৰ নেপালক ৷ ভূইকঁপৰ প্ৰাবল্য় 5.4 ৰিখতাৰ স্কেল আছিল বুলি জানিব পৰা গৈছে ৷ কাঠমাণ্ডুৰ 50 কিলোমিটাৰ পূবত অভিকেন্দ্ৰ থকা ভূইকঁপটোৱো উত্তৰ বিহাৰৰো কেইবাখনো জিলা জোকাৰি যায় ৷

জালুকবাৰী আৰক্ষী চকীৰ পৰা পলাল আচামী

জালুকবাৰী আৰক্ষী চকীৰ পৰাই পলায়ন আটকাধীন চোৰৰ ৷ দুদিন পূৰ্বে আৰক্ষীয়ে কৰায়ত্ব কৰা ৰুবুল আলী নামৰ এটা চোৰে পলায়ন কৰিছে আৰক্ষী জিম্মাৰ পৰা ৷ বৰ্তমানলৈকে আৰক্ষীয়ে কোনো শুংসূত্ৰ পোৱা নাই চোৰটোৰ ৷

NCB ৰ তদন্তৰ আওতাত শ্ৰুতি মোডী আৰু জয়া সাহা

নাৰ্ক'টিক্স কণ্ট্ৰল ব্যুৰোৱে মঙলবাৰে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ শ্ৰুতি মোডী আৰু টেলেণ্ট মেনেজাৰ জয়া সাহাক সোধপোছৰ বাবে মাতি পঠিয়ায় ৷ বুধবাৰে পুৱা শ্ৰুতি মোডী আৰু সাহাক drug law enforcement agency য়ে তেওঁলোকৰ মুম্বাইস্থিত কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰে ৷

ভাৰত-চীন সীমান্তৰ ওলমা দলং উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 18 ছেপ্তেম্বৰত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উদ্বোধন কৰিব অৰুণাচল প্ৰদেশৰ পূব চিয়াঙৰ দিতে ডিমেৰ নৱ নিৰ্মিত ভাৰত-চীন সীমান্তৰ ওলমা দলং ।

গুৱাহাটীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ ট্ৰাক পাৰ্কিং উচ্ছেদ

মংগলবাৰে জালুকবাৰীৰ যান-বাহন আৰক্ষী আৰু গড়চুক যান-বাহন আৰক্ষীয়ে উচ্ছেদ কৰে জালুকবাৰী বৰাগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ পথৰ ট্ৰাকৰ অবৈধ পাৰ্কিং । এটা অসাধু চক্ৰৰ সহযোগত বহিঃৰাজ্যৰ ট্ৰাক চালকে ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ পথত পাকিং কৰি আহিছে নিজৰ মালবাহী ট্ৰাকসমূহ ।

মহালয়া উদযাপনৰ বাবে চৰকাৰে কোনো নিৰ্দেশনা প্ৰকাশ নকৰাত অসন্তুষ্ট ৰাইজ

ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো উদযাপন কৰা হ'ব মহালয়া । কিদৰে মহালয়া উদযাপন কৰা হ'ব তাকে লৈ বিভ্ৰান্তিত পৰিছে ভক্তপ্ৰাণ ৰাইজ । কাৰণ কৰ'ণাসৃষ্ট পৰিবেশত কিদৰে মহালয়া আয়োজন কৰিব তাক লৈ এই মুহূৰ্তলৈকে কোনো নিৰ্দেশনা জাৰি কৰা নাই চৰকাৰে ।

মহালয়াৰ বাবে কঠোৰ নিৰ্দেশনা জাৰী কাছাৰ জিলা প্ৰশাসনৰ

কাছাৰ জিলা প্ৰশাসনেও মহালয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ কোনো এলাকাত জনসমাগম কৰিব নোৱাৰে ৰাইজে । 15 জনতকৈ অধিক লোক একগোট হ’ব নোৱাৰিব মহালয়াৰ সময়চোৱাত ৷

নগাঁৱত শিল্পযোদ্ধা ব্ৰজনাথ শৰ্মাক সোঁৱৰণ

নগাঁৱত শিল্পযোদ্ধা ব্ৰজনাথ শৰ্মাক স্মৰণ । কেন্দ্ৰীয় নাট্য সপ্তাহ আৰু শিল্পী সমাৰোহৰ আৰম্ভণি অনুষ্ঠানৰ সামৰণি । ৮ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা । অসম নাট্য সন্মিলনৰ বিশেষ অনুষ্ঠান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.