নেশ্যনেল ডেস্ক, 8 জানুৱাৰী: মহাৰাষ্ট্ৰৰ থানে চহৰত থকা সমাধি মন্দিৰত প্ৰৱেশ কৰাৰ অপৰাধত মহাৰাষ্ট্ৰ আৰক্ষীয়ে আটক কৰিছে 8 জনকৈ লোকক ৷ এক বিবৃতি যোগে জিলাখনৰ গণেশ পুৰী থানাৰ আৰক্ষী বিষয়া মহেশ সাগদে কয় যে, মন্দিৰতোৰ ভিতৰত থকা গৰম পানীৰ নিজৰাত স্নান কৰাৰ বাবে স্থানীয় নেতা সুনীল দেওৰেৰ লগতে আন 7জন লোকৰ বিৰুদ্ধে মহামাৰী আইন 1897ৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে ৷
উল্লেখ্য যে, মহামাৰী COVID-19 ৰ বাবে মন্দিৰটো বন্ধ কৰি ৰখা হৈছিল দৰ্শনাৰ্থীৰ বাবে ৷ তাৰ মাজতে চলিত বৰ্ষত পুনৰ ভক্তৰ বাবে মুকলি কৰা হৈছিল মন্দিৰটো ৷ কিন্তু মন্দিৰতোৰ ভিতৰত থকা নিজৰাটোত স্নান কৰা অথবা পানী গ্ৰহণ কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছিল ৷ কিন্তু প্ৰশাসনৰ নিষেধাজ্ঞাক আওকাণ কৰি স্থানীয় নেতা সুনীল দেওৰেৰ লগতে আন 7 জন লোকে নিজৰাত স্নান কৰাৰ পাচতে আৰক্ষীয়ে গোচৰ ৰুজু কৰে ৷
লগতে পঢ়ক: ওড়িশাৰ মুখ্যমন্ত্ৰী পাটনায়কক হত্যাৰ ভাবুকি, ঘটনাৰ তদন্ত আৰম্ভ