ETV Bharat / bharat

বিহাৰ মন্ত্ৰীসভাৰ 8 গৰাকীকৈ মন্ত্ৰীৰ বিৰুদ্ধে ৰুজু হৈ আছে অপৰাধজনিত গোচৰ - হিন্দুস্তানী আৱাম মোৰ্চা

‘Bihar Election Watch and Association for Democratic Reforms’ চমুকৈ ADR এ প্ৰকাশ কৰা অনুসৰি বিহাৰ মন্ত্ৰীসভাত নতুনকৈ শপতগ্ৰহণ কৰা 8 গৰাকীকৈ মন্ত্ৰীৰ বিৰুদ্ধে ৰুজু হৈ আছে বিভিন্নধৰণৰ অপৰাধজনিত গোচৰ ৷ লক্ষ্যণীয়ভাৱে এই 14 গৰাকী মন্ত্ৰীয়েই এন ডি এ(NDA)ৰ মিত্ৰদল ৷

8 Bihar Ministers have pending criminal cases: ADR
বিহাৰ মন্ত্ৰীসভাৰ 8 গৰাকীকৈ মন্ত্ৰীৰ বিৰুদ্ধে ৰুজু হৈ আছে অপৰাধজনিত গোচৰ
author img

By

Published : Nov 18, 2020, 4:12 PM IST

নেশ্যনেল ডেস্ক,18 নৱেম্বৰঃ বিহাৰ মন্ত্ৰীসভাত নতুনকৈ শপতগ্ৰহণ কৰা 8 গৰাকীকৈ মন্ত্ৰীৰ বিৰুদ্ধে ৰুজু হৈ আছে বিভিন্নধৰণৰ অপৰাধজনিত গোচৰ ৷ এই কথা প্ৰকাশ কৰিছে ‘Bihar Election Watch and Association for Democratic Reforms’ চমুকৈ ADR এ ৷ নিৰ্বাচনী এফিডেফিটসমূহ পৰ্যবেক্ষণ কৰা 14 গৰাকী মন্ত্ৰীৰ 6 গৰাকী(43%)ৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু হৈ আছে গুৰুতৰ অপৰাধজনিত গোচৰ ৷ ইয়াৰে দুগৰাকী বি জে পি, দুগৰাকী জে ডি ইউ, হেম(HAM) আৰু ভিআইপি(VIP)ৰ এজনকৈ মন্ত্ৰী ৷

এই 14 গৰাকী মন্ত্ৰীয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে অক্টোবৰ-নৱেম্বৰ মাহত দাখিল কৰা নিজ শপতগ্ৰহণৰ এফিডেফিটৰ ভিত্তিতেই নিৰ্বাচন পৰ্যবেক্ষণকাৰী সকলে এই সিদ্ধান্তত উপনীত হৈছে ৷ লক্ষ্যণীয়ভাৱে এই 14 গৰাকী মন্ত্ৰীয়েই এন ডি এ(NDA)ৰ মিত্ৰদল জনতা দল ইউনাইটেড (JD-U), হিন্দুস্তানী আৱাম মোৰ্চা (HAM), বিকশীল ইন্সান পাৰ্টী (VIP) দলৰ ৷ উল্লেখ্য যে, বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এ 243 খন আসানৰ মুঠ 125 খন আসন দখল কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক-টেকএৱে চাৰ্ভিছৰ বাবে ৰেষ্টোৰেণ্টৰ পৰা পৃথককৈ ধন নোলোৱাৰ সিদ্ধান্ত Zomatoৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.