নিউজ ডেস্ক,১৫জুলাই: মঙ্গলবাৰে চাদেৰঘাট আৰক্ষীৰ সহযোগত হায়দৰাবাদ আৰক্ষীৰ চাউথ জ'নৰ এটা দলে আঠজন অপৰাধীক আটক কৰাৰ লগতে ক'ভিড-১৯ত ৰোগীক দি অহা বুজন পৰিমানৰ Remdesivir, Actemra আৰু Febiflue ৰ দৰে জৰুৰীকালিন ঔষধ জব্ধ কৰিবলৈ সক্ষম হয় ।
হায়দৰাবাদ আৰক্ষীৰ আয়ুক্ত অঞ্জনি কুমাৰে সদৰি কৰা মতে, আটকাধীন ৮ অভিযুক্তৰ গগণ খুৰানা নামৰ এজন ক'লা বেপাৰী দিল্লীৰ বাসিন্দা হোৱাৰ বিপৰিতে বাকী ৭জন হায়দৰাবাদৰে । আটকাধীন আটাইকেইজন অপৰাধী ঔষধ বিতৰক অথবা ঔষধ এজেঞ্চিৰ লোক বুলি পাৰম্ভিক অনুসন্ধানৰ অন্তত ধাৰণা কৰিছে আৰক্ষীয়ে ।