ETV Bharat / bharat

হাইড্ৰক্সিক্ল'ৰকুইনৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ ওপৰত গৱেষণা অব্যাহত আছে: কেন্দ্ৰীয় চৰকাৰ

author img

By

Published : Apr 19, 2020, 3:56 PM IST

কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ যুটীয়া সচিব লাব আগৰৱালে শনিবাৰে কয় যে,দেশত কোভিড-১৯ৰ ফলত হোৱা মৃত্যুৰ হাৰ ৩.৩ শতাংশ আৰু ৮৩ শতাংশ ঘটনাই অন্য়ান্য কাৰণত হোৱা বুলি প্ৰকাশ কৰিছে ।

হাইড্ৰক্সিক্ল'ৰকুইনৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ ওপৰত গৱেষণা অব্যাহত আছে

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে কয় যে, দেশত ৮৩ শতাংশ কৰ'ণা ভাইৰাছৰ ঘটনাই অন্যান্য কাৰকৰ দ্বাৰা সংঘটিত আৰু মৃত্যু হোৱা লোকৰ ৭৫.৩ শতাংশ লোকৰে বয়স ৬০ৰ ঊৰ্ধৰ । দেশত কৰ'ণা ভাইৰাছৰ ফলত সংঘটিত হোৱা মৃত্যুৰ হাৰ হৈছে ৩.৩. শতাংশ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে হাইড্ৰক্সিক্ল'ৰকুইনৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে । কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়ৰ যুটীয়া সচিব লাব আগৰৱালে এই কথা প্ৰকাশ কৰিছে ।

মৃত্যু হোৱা লোকৰ ভিতৰত 14.4% লোক 0 ৰ পৰা 45 বছৰ বয়সৰ; 10.3% লোক 45-60 বছৰ বয়সৰ; 33.1% লোক 60-75 বছৰ বয়সৰ আৰু 42.2% লোক 75 বছৰ অথবা ইয়াৰ ঊৰ্ধৰ বুলি জনায় যুটীয়া সচিবগৰাকীয়ে । দেশত কোভিড-১৯ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ হাৰ হৈছে 13.85 শতাংশ ।

ভাৰতীয় স্বাস্থ্য় গৱেষণা পৰিষদৰ মহামাৰী আৰু সংক্ৰমণযোগ্য ৰোগ (Epidemiology and Communicable Diseases-I. ECD-I)ৰ জ্যেষ্ঠ গৱেষক ডাঃ ৰমন আৰ গংগাখেড়কাৰে এক প্ৰশ্নৰ উত্তৰত কয় যে, হাইড্ৰক্সিক্ল'ৰকুইনৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ ওপৰত যথাযথ অধ্যয়ন অব্যাহত আছে যদিও প্ৰয়োগ কৰিবলৈ কোনো প্ৰমাণ নথকাৰ বাবে এতিয়ালৈকে ইয়াৰ ওপৰত প্ৰয়োগ অধ্যয়ন কৰা হোৱা নাই ।

হাইড্ৰক্সিক্ল'ৰকুইনৰ ওপৰত অধ্যয়ন কৰিবলৈ ৪৮০ গৰাকী ৰোগীৰ লগতে ৮ সপ্তাহ অথবা আঢ়ৈ মাহৰ প্ৰয়োজন হয় । লক ডাউনৰ সময়ছোৱাত এইদৰে অধ্যয়ন আগবঢ়াই নিয়াত বহুটো অসুবিধা হৈছে । সেয়েহে আমি অন্যধৰণৰ এটা অধ্য়য়ন আৰম্ভ কৰিছো, য'ত স্বাস্থ্য সেৱাৰ সৈতে জড়িত গড়ে প্ৰায় ৩৫ বছৰ বয়সৰ কৰ্মীসকলক হাইড্ৰক্সিক্ল'ৰকুইন দিবলৈ আৰম্ভ কৰা হৈছে । এই প্ৰক্ৰিয়াত সাধাৰণভাৱে লক্ষ্য কৰা পাৰ্শ্ব-প্ৰতিক্ৰিয়াসমূহৰ ভিতৰত উল্লেখনীয় আছিল পেটৰ বিষ,প্ৰায় ১০ শতাংশৰ দেহত এই লক্ষণ দেখা গৈছিল । বাকী ৬ শতাংশৰ দেহত বমি বমি ভাৱৰ লক্ষণ, ১.৩ শতাংশৰ দেহত হাইপোগ্লাইকেমিয়া (Low Blood Sugar)ৰ লক্ষণ দেখা গৈছিল । পৰীক্ষা কৰা হোৱা ২২ শতাংশ স্বাস্থ্যকৰ্মীৰে দেহত মধুমেহ,ৰক্তচাপ,স্নায়ৱিক দুৰ্বলতা আৰু গাঁথিৰ বিষ আছিল । স্বাস্থ্যখণ্ডৰ সৈতে জড়িত থাকিও প্ৰায় ১৪ শতাংশ লোকে ইচিজি নকৰে,আৰু সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠানে হাইড্ৰক্সিক্ল'ৰকুইনৰ ওপৰত থেৰাপেটিক আৰু প্ৰ'ফিলেটিক পৰীক্ষণ অব্যাহত ৰাখিছে বুলি কয় জ্যেষ্ঠ গৱেষক ডাঃ ৰমন আৰ গংগাখেড়কাৰে ।

লগতে পঢ়কঃ গৰ্ভাৱস্থা আৰু কোভিড-১৯,আমি চিন্তিত হোৱা উচিতনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.