ETV Bharat / bharat

দেশজুৰি পালন 74 সংখ্যক স্বাধীনতা দিৱস

74 indipendence day live update etv bharat assam
দেশজুৰি পালন 74 সংখ্যক স্বাধীনতা দিৱস
author img

By

Published : Aug 15, 2020, 7:23 AM IST

Updated : Aug 15, 2020, 10:44 AM IST

10:34 August 15

শ্বহীদসকলক স্মৰণ প্ৰধানমন্ত্ৰীৰ

দেশৰ স্বাধীনতা আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ স্বাধীনতা সংগ্ৰামীৰ ত্য়াগ,কষ্ট আৰু একতাৰ বলতহে দেশে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে ৷ তদুপৰি কৰ’ণা ভাইৰাছৰ বাবে যি সকল লোকে প্ৰাণ হেৰুৱাইছে সেই লোকসকলোকে শ্ৰদ্ধাৰে সুঁৱৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ অৱশেষত অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণে বহু বছৰৰ পৰা দেশত চলি অহা বিবাদ শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ লগতে পৰৱৰ্তী সময়ত দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস মহা আড়ম্বৰপূৰ্ণভাৱে পালন কৰিব বুলি মোডীয়ে ঘোষণা কৰে ৷ 

10:12 August 15

অন্তিম পৰ্যায়ত তিনি কৰ’ণা প্ৰতিষেধক

74 indipendence day live update etv bharat assam
চিকিৎসা ক্ষেত্ৰত গুৰুত্ব প্ৰধানমন্ত্ৰীৰ

মোডীৰ ভাষণত স্থান লাভ কৰে স্বাস্থ্য ক্ষেত্ৰৰ গুৰুত্বই ৷ পূৰ্বে ভাৰতত কৰ’ণা ভাইৰাছৰ নমুনা পৰীক্ষণৰ বাবে নিচেই কম সংখ্যক পৰীক্ষাগাৰ আছিল যদিও আজিৰ তাৰিখত দেশত থকা পৰীক্ষাগাৰৰ সংখ্যা হৈছে প্ৰায় 1600 টা ৷ পৰীক্ষাগাৰ স্থাপনৰ পূৰ্বে ভাৰতত দৈনিক তিনিশ গৰাকী লোকৰ কৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰা হৈছিল যদিও এতিয়া দৈনিক সাত লাখ লোকৰ কৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷ তদুপৰি চিকিৎসা ক্ষেত্ৰত প্ৰসাৰৰ উদ্দেশ্যে বিগত পাঁচ বছৰৰ ভিতৰত 45,000 আসনৰ ব্যৱস্থা কৰা হৈছে ৷ তদুপৰি আজিৰ পৰা আৰম্ভ কৰা হ’ব national digital health mission . পৰৱৰ্তী সময়ত প্ৰতিগৰাকী লোকক প্ৰদান কৰা হ’ব health id ৷ এই ID ৰ জৰিয়তে পইচা জমা কৰা, চিকিৎসা সম্পৰ্কীয় আদি সকলো সমস্যা সমাধান কৰিব পৰা যাব ৷ সম্প্ৰতি তিনিটাকৈ কৰ’ণা ভাইৰাছৰ প্ৰতিষেধকৰ পৰীক্ষা অন্তিম পৰ্যায়ত আছে ৷ শীঘ্ৰে এয়া বজাৰত মুকলি কৰা হ’ব ৷ 

09:54 August 15

মোডীৰ ভাষণত স্থান লাভ মহিলা সবলীকৰণৰ বিষয়

প্ৰধানমন্ত্ৰী মোডীয়ে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰা ভাষণত স্থান লাভ কৰিছে মহিলা সবলীকৰণে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ মহিলা হাজাৰ ফুট দ’ কয়লাখনিত কাম কৰাৰ বিপৰীতে একাংশই আকৌ পাইলট হিচাপে কৰ্তব্য সম্পাদন কৰাৰ কথা ব্য়ক্ত কৰে ৷ লগতে দেশৰ মহিলা কৰ্মচাৰীসকলৰ প্ৰসৱকালীন ছুটীৰ ম্যাদ বেতনৰ সৈতে ছমাহলৈ বৃদ্ধি কৰাৰ কথা ঘোষমা কৰে ৷ ইছলামধৰ্মীয় মহিলাসকলৰ ক্ষেত্ৰত অতীতৰে পৰা হৈ থকা শোষণ ৰোধৰ বাবে তিনি তালাক ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ কথা ব্যক্ত কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ তদুপৰি মহিলাৰ সুৰক্ষাৰ দিশ বৃদ্ধিৰ বাবে এটকাতে চেনিটাৰী পেড লাভৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ৷ বৰ্তমান দেশৰ প্ৰায় 6,000 কেন্দ্ৰত চৰকাৰে 5 কোটি চেনিটাৰী পেড বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি মোডীয়ে ভাষণত প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ তালিকাতো সৰ্বাধিক স্থান মহিলাৰ বুলি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷   

09:37 August 15

মেক ইন ইণ্ডিয়াৰ বিপৰীতে মেক ফৰ ওৱৰ্ল্ড নীতি গ্ৰহণৰ পোষকতা

প্ৰধানমন্ত্ৰী মোডীয়ে মেক ইন ইণ্ডিয়াৰ জৰিয়তে মেক ফৰ ওৱৰ্ল্ড নীতি গ্ৰহণৰ পোষকতা কৰিছে ৷ কিয়নো ভাৰত এনে এক চহকী ৰাষ্ট্ৰ যি প্ৰচুৰ পৰিমাণে কেঁচামালেৰে ভৰপুৰ ৷ এই কেঁচামালসমূহ বহিঃৰাজ্যলৈ ৰপ্তানি কৰাৰ পৰিৱৰ্তে দেশতে ইয়াৰ দ্বাৰা ব্যৱহাৰযোগ্য় সামগ্ৰী উৎপাদন কৰা উচিত ৷ এই কাৰ্যৰ দ্বাৰা ভাৰতৰ জন সাধাৰণ আত্ম নিৰ্ভৰ হোৱাৰ সুবিধা লাভ কৰিব ৷ ইতিমধ্যে national infrastructure development mission ৰ বাবে 7000 প্ৰকল্প চিনাক্ত কৰা হৈছে ৷

09:14 August 15

প্ৰত্য়াহ্বান আছে আত্মনিৰ্ভৰ ভাৰতত: মোডী

আত্ম নিৰ্ভৰ ভাৰত আঁচনিত আছে তীব্ৰ প্ৰত্য়হ্বান- এই কথা নিজ ভাষণত প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ কিন্তু প্ৰায় 130 কোটি জন সাধাৰণৰ ওপৰত ভৰসা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ শক্তি, মহাকাশ বিজ্ঞান, স্বাস্থ্য আদি সকলো ক্ষেত্ৰতে চহকী ভাৰত ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব প্ৰদান কৰিছে মেন পাৱাৰত ৷ উৎপাদনৰ লগতে স্কীল ডেভেলপমেণ্টতটো গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰিছে মোডীয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে,যেনেদৰে প্ৰত্যাহ্বান আছে তেনেদৰে শক্তি হিচাপে মজুত আছে দেশবাসীৰ ক্ষমতা ৷ পূৰ্বে ভাৰতে পিপিই কিট, এন 95 মাস্ক ক্ৰয় কৰিব লাগিছিল,দেশত নাছিল ভেণ্টিলেটৰৰ উন্নত ব্যৱস্থা ৷ কিন্তু বৰ্তমান দেশে পিপিই কিট, এন 95 মাস্ক উৎপাদন কৰিছে ভাৰতে ৷ তদুপৰি স্থাপন কৰা হৈছে উন্নত ভেণ্টিলেটৰ, এই কথা ব্য়ক্ত কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

08:10 August 15

ভকেল ফৰ লকেলৰ প্ৰতি গুৰুত্ব দিয়াৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী মোডীয়ে বাহিৰা সামগ্ৰী বৰ্জন কৰি ভকেল ফৰ লকেলত গুৰুত্ব দিবলৈ দেশবাসীক আহ্বান জনাইছে ৷ লগতে প্ৰাকৃতিক সম্পদত গুৰুত্ব প্ৰদান কৰি মোডীয়ে কেঁচামাল বাহিৰলৈ পঠিওৱাৰ পৰিৱৰ্তে দেশতে উৎপাদন কৰাত গুৰুত্ব প্ৰদান কৰে ৷ সমান্তৰালকৈ কৃষিক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে মোডীয়ে ৷ কৃষকৰ বাবে APM 3 ৰ দৰে আইন প্ৰযোজ্য কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

07:50 August 15

নৱপ্ৰজম্মৰে ভৰা দেশ ভাৰত: মোডী

প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত স্থান লাভ কৰিছে আত্মনিৰ্ভৰ ভাৰতৰ প্ৰসংগই ৷ কৰ’ণা ভাইৰাছৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে দেশৰ আৰ্থিক অৱস্থাত ক্ষতি হৈছে যদিও দেশবাসীৰ ওপৰত বিশ্বাস আছে প্ৰধানমন্ত্ৰীগৰাকীৰ ৷ বিশেষকৈ দেশৰ নৱপ্ৰজম্মৰ ওপৰত আস্থাভাজন বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷ কিন্তু আত্মনিৰ্ভৰ ভাৰতৰ সন্মুখত তীব্ৰ প্ৰত্যহ্বান আছে ৷ এই প্ৰত্যাহ্বান নেওচি দেশক আগলৈ লৈ যাব নৱপ্ৰজম্মই, মোডীয়ে এনেদৰে নিজ ভাষণত উল্লেখ কৰে ৷ 

07:36 August 15

দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী মোডীয়ে 74 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে ৷ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানত অংশগ্ৰহণ কৰাত অনুমতি প্ৰদান কৰা হোৱা নাই শিশুসকলক ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণৰ জৰিয়তে কৰ’ণা ভাইৰাছত প্ৰাণ হেৰুওৱা লোকসকলক স্মৰণ কৰে ৷ লগতে এই যুঁজত সন্মুখৰ পৰা নেতৃত্ব দিয়া যোদ্ধা বিশেষকৈ চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে মোডীয়ে ৷

07:29 August 15

লালকিল্লাত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

লালকিল্লাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ লালকিল্লাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ বহুকেইগৰাকী ব্যক্তিয়ে ৷ কৰ’ণা ভাইৰাছৰ বাবে জাৰি কৰা সকলো নিৰ্দেশনা মানি অনুষ্ঠিত কৰা হৈছে এই কাৰ্যসূচী ৷ অনুষ্ঠানত উপস্থিত অতিথিসকলে অটুট ৰাখিছে সামাজিক দুৰত্ব ৷

07:10 August 15

লালকিল্লাত পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

নিউজ ডেস্ক,15 আগষ্ট: আজি দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উপলক্ষে ৰাজধানী দিল্লীত আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ক্ষন্তেক পিছতে ৰাজঘাটত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী ৷

Last Updated : Aug 15, 2020, 10:44 AM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.