নিউজ ডেস্ক, 28 অক্টোবৰ: হাৰিয়ানাৰ পঞ্চকুলাস্থিত মাতা মনসা দেৱী গোশালাত 70 টাকৈ গৰুৰ মৃত্যুৰ লগতে 30 টাকৈ গো-ধনৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ আছে ৷ এই ঘটনাৰ পাছতে সৰ্বত্ৰে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ একেলগে 70 টাকৈ গো-ধনৰ মৃত্যুত এতিয়া পঞ্চকুলাৰ প্ৰশাসনিক বিষয়া আৰু গোধামৰ কৰ্মচাৰী সকলৰ ভৰিৰ তলৰ মাটি নোহোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে মঙলবাৰে মাজনিশাই পশু চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হয়৷ পশু চিকিৎসক সকলে গো-ধনৰ মৃত্যু খাদ্যৰ বিষক্ৰিয়াৰ বাবে হোৱাৰ সন্দেহ কৰিছে ৷
আনহাতে বুধবাৰে পুৱাই জিলা উপায়ুক্ত,হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ আৰু পঞ্চকুলাৰ বিধায়ক ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয় ৷ ইতিমধ্যে এই মৰ্মান্তিক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি জনায় স্থানীয় বিধায়ক জ্ঞানেন্দ্ৰ গুপ্তাই ৷
লগতে পঢ়ক: পশ্চিমবংগত বিজেপি কৰ্মীক গুলিয়াই হত্যা