ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 বজাৰ দহটা শীৰ্ষ বাতৰি
7 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Jan 3, 2021, 7:03 PM IST

18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ

কোভিড-19ৰ ফলত দিয়া লকডাউনৰ পিচতো অসম চৰকাৰৰ আবকাৰী বিভাগে ৰাজ্য চৰকাৰৰ আটাইকেইটা বিভাগৰ ভিতৰতে সৰ্বাধিক পৰিমানে কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

প্ৰধানমন্ত্ৰী মোদীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি দিল্লী আৰক্ষীৰ জালত পিন্টু সিং

দিল্লীত এজন সুৰামত্ত লোকে আৰক্ষীক ফোন কৰি প্ৰধানমন্ত্ৰী মোদীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে ৷ আৰক্ষীয়ে ভাবুকি লাভ কৰাৰ কিছু সময়ৰ ভিতৰতে লোকজনক ট্ৰেচ কৰি আটক কৰিবলৈ সক্ষম হয় ৷

কোকৰাঝাৰত বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

কোকৰাঝাৰত বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান ৷ জিলাখনৰ 279 গৰাকী ছাত্ৰীক বঁটা প্ৰদান কৰা হয় ৷ উপস্থিত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷

সৌৰভ গাংগুলীৰ বাইপাছ ছাৰ্জাৰীৰ দৰকাৰ নাইঃ চিকিৎসক

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসকে প্ৰদান কৰিছে এই মন্তব্য ৷

চিৰাঙত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীন স্কুটি বিতৰণ

দেওবাৰে জিলাখনৰ মুঠ 287 গৰাকী ছাত্ৰীৰ মাজৰ 50 গৰাকী ছাত্ৰীক স্কুটী বিতৰণ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷

21 ৰ নিৰ্বাচন দিছপুৰ দখলৰ যুঁজ নহয়,অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ: ভাস্কো ডি শইকীয়া

"21 ৰ নিৰ্বাচন দিছপুৰ দখলৰ যুঁজ নহয়, সেইয়া হ'ব অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ ৷ নিৰ্বাচনৰ আগতে অখিল গগৈক মুক্তি নিদিলে এইবাৰৰ নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰধান ইচ্যু হ’ব অখিল গগৈৰ মুক্তি ৷" দেওবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান অনুষ্ঠানত এনেদৰে মন্তব্য কৰি সৰৱ হৈ পৰে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ভাস্কো ডি শইকীয়া ৷

হাজোত আনুষ্ঠানিকভাৱে প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদৰ AJP ত যোগদান

শনিবাৰে হাজোৰ কুলহাতীত প্ৰাক্তন কংগ্ৰেছ নেতা তথা হাজো সমষ্টিৰ যুৱ সমাজ কৰ্মী দুলু আহমেদে পত্নী ৰজী আহমেদৰ লগতে কংগ্ৰেছ, অগপ আৰু বিভিন্ন দল সংগঠনৰ বহু নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে অসম জাতীয় পৰিষদত ।

কেৰালাত বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাত নিহত 5 গৰাকী

কেৰালাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে মৃত্যু হয় 5 গৰাকী লোকৰ ৷ আনহাতে গুৰুতৰভাৱে আহত হয় বহু কেইগৰাকী যাত্ৰী ৷

কোভিড প্ৰতিষেধকঃ ভাৰতৰ সিদ্ধান্তক প্ৰশংসা বিশ্ব স্বাস্থ্য় সংস্থাৰ

ভাৰতীয় ড্ৰাগ নিয়ন্ত্ৰণকাৰী সংস্থা ডিজিচিআইয়ে দুটাকৈ ভাৰতীয় প্ৰতিষেধকৰ টীকাকৰণত জৰুৰীকালীন অনুমোদন জনোৱাৰ পাচতেই ভাৰত চৰকাৰৰ সিদ্ধান্তক আদৰণি জনায় বিশ্ব স্বাস্থ্য সংস্থাই ৷

বছৰৰ আৰম্ভনিতে স্থলসেনাৰ শীৰ্ষ-পৰ্যায়ত ব্যাপক ৰদ-বদল

বছৰৰ আৰম্ভনিতে ভাৰতীয় স্থলসেনাৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি কৰা হয় ৷ তেজপুৰস্থিত গজৰাজ ক’ৰৰ কামাণ্ডাৰ লেফটেনেন্ট জেনেৰেল শান্তনু দয়ালক স্থলসেনাৰ উপ-সেনাধ্যক্ষ নিযুক্ত কৰা হয় ৷ ইয়াৰ উপৰিও সামৰিক পৰিক্ৰমা বিভাগত প্ৰথমগৰাকী অতিৰিক্ত সচিব নিযুক্ত কৰা হয় এগৰাকী স্থলসেনা বিষয়াক ৷ ইয়াৰ উপৰিও স্থলসেনা মুখ্যালয়ৰ অধীনত প্ৰথমবাৰৰ বাবে গঠন কৰা হৈছে মানৱ অধিকাৰৰ অতিৰিক্ত মহানিৰ্দেশকৰ কাৰ্যালয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.