ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি
author img

By

Published : Sep 5, 2020, 7:12 PM IST

বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক উত্থাপন নোহোৱাৰ কাৰণ কি ?

সদ্যসমাপ্ত বিধানসভাৰ বৰ্ষাকালীন অধিবেশনত উত্থাপন হোৱাৰ কথা আছিল সৰ্বমুঠ চাৰিখন স্বায়ত্বশাসিত পৰিষদ গঠনৰ বিধেয়ক । সেই অনুসৰি ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিধানসভা সচিবালয়ক জাননীও দিয়া হৈছিল ।

যুৱতীক ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত পেলাই থৈ গ'ল ৰাজপথৰ কাষত

হোজাইত পুনৰ ধৰ্ষণৰ ঘটনা ৷ বলাৎকাৰৰ বলি হৈ মৃত্যুৰ সতে যুঁজিছে দুৰ্ভগীয়া যুৱতীয়ে ৷ ঘটনাৰ মূল অভিযুক্ত তাজ উদ্দিনক গ্ৰেপ্তাৰ ডবকা আৰক্ষীৰ ৷ ধৰ্ষণ কাৰ্য সংঘটিত কৰি মাজ নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মুমূৰ্ষু অৱস্থাত পেলাই থৈ গৈছিল যুৱতীগৰাকীক ৷

দক্ষিণ হাইলাকান্দিত চৰকাৰী কনিষ্ঠ অভিযন্তাক প্ৰাণে মৰাৰ চেষ্টা

দুস্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈ বৰ্তমান হাইলাকান্দি আসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অসম চৰকাৰৰ এগৰাকী কণিষ্ঠ অভিযন্তা ৷

হাগ্ৰামাই হে ইউ পি পি এল দলক মিত্ৰতাৰ প্ৰস্তাৱ দিছিল : প্ৰমোদ বড়ো

বিপিএফৰ সৈতে নিতি-আদৰ্শৰ মত-পাৰ্থক্য থকাৰ বাবেহে আলোচনাৰ পিছতো মিত্ৰতা সম্ভৱ নহ’ল । আনহাতে অঞ্জলী দৈমাৰী কোনো ধোৱা তুলসীৰ পাত নহয় বুলিও কটাক্ষ প্ৰমোদ বড়োৰ ৷

যোৰহাটত এক চাঞ্চল্যকৰ হত্যাকাণ্ড

শনিবাৰে যোৰহাটৰ চন্দন নগৰৰ বাইলেন ৪ ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ ৰাহুল বসুমতাৰী নামৰ ওদালগুৰিৰ এজন যুৱকক কোঠাৰ ভিতৰতে ডিঙি ৰেপি হত্যা কৰিছে দুৰ্বৃত্তই ৷

জোনাইৰ অসম-অৰুণাচল সীমান্তত সম্প্ৰীতিৰ নিদৰ্শন

জোনাইৰ অসম-অৰুণাচল সীমান্তত সম্প্ৰীতিৰ নিদৰ্শন ৷ অৰুণাচলৰ বান বিধ্বস্ত অঞ্চললৈ জোনাইৰ কেইবাটাও সংগঠনৰ সাহায্য ৷ অৰুণাচলৰ বান বিধ্বস্ত অঞ্চললৈ সাহায্য় প্ৰদান কৰিলে একাংশ সংগঠনে ৷

দিহাসম্ৰাটৰ দুৱাৰ-দলিত কণ্ঠশিল্পী মানস ৰবীন

সমগ্ৰ দেশতেই মহামাৰী কৰ'ণাই ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সময়তেই আৰ্থিক অভাৱত ভুগিছে ৰাজ্য়খনৰ অধিকাংশ শিল্পী ৷ এনেসময়ত এজনে আনজনৰ সহায় হোৱাকৈ আগুৱাই আহিছে বহু কেইগৰাকী প্ৰতিষ্ঠিত শিল্পী ৷ এই উদ্দেশ্যৰেই শণিবাৰে দিহাসম্ৰাট কমলা গগৈৰ কাষত উপস্থিত হয়গৈ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন ৷

সোমবাৰৰ পৰা মহানগৰীত নাপাব পেট্ৰ'ল আৰু ডিজেল !

সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিব মহানগৰীৰ সকলো তেল ডিপো ৷ ডিপোৰ মালিক আৰু তেল বিক্ৰেতা প্ৰতিষ্ঠানৰ মাজত হোৱা সংঘাতৰ পৰিণতিত মহানগৰবাসীয়ে সোমবাৰৰ পৰা ক্ৰয় কৰিব নোৱাৰিব পেট্ৰ'ল, ডিজেল ৷

আৰক্ষীৰ জালত ভুৱা চিকিৎসক

ভুৱা প্ৰমাণপত্ৰৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচাত চিকিৎসা কৰি আহিছিল পংকজ কুমাৰ নাথে ৷ অৱশেষত আৰক্ষীৰ জালত পৰি ফাদিল হ’ল ভুৱা চিকিৎসকৰ কৰ্মকাণ্ড ৷ ৰঙা ঘৰৰ আলহী হ’ল স্বয়ম্ভূ চিকিৎসক পংকজ কুমাৰ নাথ ৷

SSR গোচৰ : শৌভিক, ছেমুৱেলক আজি হাজিৰ কৰা হ'ব আদালতত

নাৰ্ক'টিকছ কন্ট্ৰল ব্যুৰো (NCB) য়ে শুকুৰবাৰে মূল অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু ছেমুৱেল মিৰাণ্ডাক গ্ৰেপ্তাৰ কৰিছিল ৷ শনিবাৰে দুয়োজনকে আদালতত হাজিৰ কৰা হ'ব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.