নিউজ ডেস্ক, 12 অক্টোবৰঃ শনিবাৰে জম্মুত সংঘটিত হয় গ্ৰেণেড বিস্ফোৰণৰ ঘটনা ৷ জম্মু-কাশ্মীৰৰ গ্ৰীষ্মকালীন ৰাজধানীৰ এটি ব্যস্ত বজাৰ অঞ্চলত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা ৷
লগতে পঢ়কঃ জম্মু-কাশ্মীৰত ভয়াৱহ গ্ৰেণেড আক্ৰমণ
শনিবাৰে সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণত 7 জনকৈ লোক আঘাতপ্ৰাপ্ত হয় ৷ বিস্ফোৰণৰ পিচতে সমগ্ৰ অঞ্চলটো সেনা আৰু আৰক্ষীয়ে ঘেৰি ধৰি তালাচী অভিযান অব্যাহত ৰাখিছে ৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, কোনো সন্দেহজনক সন্ত্ৰাসবাদীয়ে এখন বাহনলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰে ৷ সদাব্যস্ত অঞ্চল হোৱাৰ বাবেই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় বোমা নিক্ষেপকাৰী ৷
লগতে পঢ়কঃ অসুৰক্ষিত দিল্লী: চিলনীচোৰে কাঢ়িলে প্ৰধানমন্ত্ৰীৰ ভতিজাৰ পাৰ্চ
বিস্ফোৰণৰ ফলত আঘাতপ্ৰাপ্ত হোৱা লোকসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ হৰি সিং হাই ষ্ট্ৰিটত সংঘটিত হোৱা বিস্ফোৰণত আঘাতপ্ৰাপ্তসকলৰ আটাইকেইগৰাকীয়ে অসামৰিক লোক ৷ বৰ্তমানে আঘাতপ্ৰাপ্তসকল সংকটমুক্ত বুলি জানিব পৰা গৈছে ৷