নিউজ ডেস্ক, 16 মে‘ : ঝাৰখণ্ডৰ গঢ়ৱা জিলাৰ কাণ্ডী থানাৰ অন্তৰ্গত দোমৰসুতা গাঁৱত শনিবাৰে পুৱা সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ গাঁৱখনৰ গাতে লাগি থকা সোণ নদীত গাঁৱৰে সাতটিকৈ কণমানিয়ে পুৱা 6 মান বজাত গা ধুবলৈ বুলি ওলাই যায় ৷ যাৰ পাছৰে পৰা সন্ধানহীন হয় কিশোৰ কেইটা ৷ যাৰ পাছতে স্থানীয় ৰাইজৰ তৎপৰতাত পাঁচটিকৈ কণমানিৰ মৃতদেহ নদীৰ মাজৰ পৰা উদ্ধাৰ কৰা হয় ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে উদ্ধাৰকাৰী দলো উপস্থিত হয় ৷ এতিয়াও নদীৰ বুকুত সন্ধানহীন হৈ থকা দুই শিশুৰ সন্ধানত অভিযান অব্যাহত ৰখা হৈছে ৷ শিশু কেইটাই গা ধুই থকা অৱস্থাত নদীৰ বাঢ়নী পানীৰ ফলত উঠি গৈ মৃত্যুমুখত পৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে ৷
লগতে পঢ়ক :ডিব্ৰুগড়ত পিঞ্জৰাবদ্ধ নাহৰফুটুকী