ETV Bharat / bharat

ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবে বঞ্চিত হ'ব কৃষক

author img

By

Published : Mar 17, 2019, 11:04 PM IST

নিৰ্বাচনৰ সময়তহে জন প্ৰতিনিধিৰ মনত পৰে কৃষকলৈ

PM-KISAN

নতুন দিল্লী,17 মাৰ্চ : ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই কেন্দ্ৰীয় আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হ'ব দেশৰ প্ৰায় 70 লাখ কৃষকসকল ৷ কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধা মোহন সিঙে প্ৰকাশ কৰা অনুসৰি পশ্চিম বংগ ,ছিকিম আৰু দিল্লীৰ ৰাজ্য চৰকাৰে পি এম কৃষান পৰটেলত প্ৰকৃত তথ্য প্ৰকাশ নকৰাৰ বাবে কেন্দ্ৰীয় আঁচনিখনৰ পৰা লাভান্বিত হোৱাৰ পৰা বঞ্চিত হ'ব দেশৰ লাখ লাখ কৃষক ৷

পশ্চিম বংগ ,ছিকিম আৰু দিল্লীয়েই নহয় মধ্য প্ৰদেশ , ৰাজস্থান , অৰুণাচন প্ৰদেশ , মেঘালয় আৰু লক্ষ্যদ্বীপত দাখিল কৰা তথ্য পুনৰীক্ষণ নোহোৱাৰ বাবে তথা আঁচনিৰ ধন মোকলাই দিবলৈ ৰাজ্য চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ বাবে আঁচনিৰ ধন প্ৰদান কৰা নহ'ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷

কেন্দ্ৰীয় মন্ত্ৰী ৰাধা মোহন সিঙে লগতে প্ৰকাশ কৰে যে সঠিক তথ্য দাঙি ধৰা হ'লে পশ্চিম বংগৰ প্ৰায় 67.11 লাখ কৃষক এই আঁচনিৰ দ্বাৰা উপকৃত হ'লহেতেন ৷ লগতে ছিকিমত 55 হাজাৰ আৰু দিল্লী 15 হাজাৰ কৃষকে প্ৰধান মন্ত্ৰী কৃষান নিধি যোজনাৰ অধীনত প্ৰত্যেকে 2000 টকাকৈ লাভ কৰিলেহেতেন ৷

উল্লেখযোগ্য যে, 2018 -2019 বিত্তীয় বৰ্ষ অন্ত হোৱাৰ পূৰ্বেই প্ৰথম পৰ্যায়ত কৃষকসকলক আঁচনিৰ ধন ৰাশি প্ৰদান কৰা হ'ব ৷ 33 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা প্ৰায় 4.71 কোটি কৃষকৰ তথ্য দাখিল কৰা হৈছে ৷ ইয়াৰ 3.11 কোটি কৃষক আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্য বুলি প্ৰমাণিত হৈছে ৷প্ৰথম পৰ্যায়ত এই পৰ্যন্ত প্ৰায় 2.75 কোটি কৃষকলৈ আঁচনিৰ ধন প্ৰেৰণ কৰা হৈছে ৷মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰা অনুসৰি প্ৰায় 2.75 কোটি কৃষকৰ তথ্য পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে ৷হাৰিয়ানা ,পঞ্জাৱ , উত্তৰাখণ্ড , উত্তৰ প্ৰদেশ , গুজৰাট ,হিমাচল প্ৰদেশ ,অন্ধ্ৰ প্ৰদেশ , অসম আৰু আন্দামান আৰু নিকোবৰৰ প্ৰায় 40 শতাংশ কৃষকে প্ৰথম পৰ্যায়ৰ আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্য বুলি ইতিমধ্যে মন্ত্ৰণালয়ৰ তৰফৰ পৰাপ্ৰকাশ কৰা হৈছে৷

Intro:Body:

ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবে বঞ্চিত হ'ব কৃষক 

নিৰ্বাচনৰ সময়তহে জন প্ৰতিনিধিৰ মনত পৰে কৃষকলৈ 

নতুন দিল্লী,17 মাৰ্চ : ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই কেন্দ্ৰীয় আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হ'ব দেশৰ প্ৰায় 70 লাখ কৃষকসকল ৷ কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধা মোহন সিঙে প্ৰকাশ কৰা অনুসৰি পশ্চিম বংগ ,ছিকিম আৰু দিল্লীৰ ৰাজ্য চৰকাৰে  পি এম কৃষান পৰটেলত প্ৰকৃত তথ্য প্ৰকাশ নকৰাৰ বাবে কেন্দ্ৰীয় আঁচনিখনৰ পৰা লাভান্বিত হোৱাৰ পৰা বঞ্চিত হ'ব দেশৰ লাখ লাখ কৃষক ৷

পশ্চিম বংগ ,ছিকিম আৰু দিল্লীয়েই নহয় মধ্য প্ৰদেশ , ৰাজস্থান , অৰুণাচন প্ৰদেশ , মেঘালয় আৰু লক্ষ্যদ্বীপত দাখিল কৰা তথ্য পুনৰীক্ষণ নোহোৱাৰ বাবে তথা আঁচনিৰ ধন মোকলাই দিবলৈ ৰাজ্য চৰকাৰৰ পৰা  কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ বাবে আঁচনিৰ ধন প্ৰদান কৰা নহ'ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷

কেন্দ্ৰীয় মন্ত্ৰী ৰাধা মোহন সিঙে লগতে প্ৰকাশ কৰে যে সঠিক তথ্য দাঙি ধৰা হ'লে পশ্চিম বংগৰ প্ৰায় 67.11 লাখ কৃষক এই আঁচনিৰ দ্বাৰা উপকৃত হ'লহেতেন ৷ লগতে ছিকিমত 55 হাজাৰ আৰু দিল্লী 15 হাজাৰ কৃষকে প্ৰধান মন্ত্ৰী কৃষান নিধি যোজনাৰ অধীনত প্ৰত্যেকে 2000 টকাকৈ লাভ কৰিলেহেতেন ৷

 উল্লেখযোগ্য যে, 2018 -2019 বিত্তীয় বৰ্ষ অন্ত হোৱাৰ পূৰ্বেই প্ৰথম পৰ্যায়ত কৃষকসকলক আঁচনিৰ ধন ৰাশি প্ৰদান কৰা হ'ব ৷ 33 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা প্ৰায় 4.71 কোটি কৃষকৰ তথ্য দাখিল কৰা হৈছে ৷ ইয়াৰ 3.11 কোটি কৃষক আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্য বুলি প্ৰমাণিত হৈছে ৷প্ৰথম পৰ্যায়ত এই পৰ্যন্ত প্ৰায় 2.75 কোটি কৃষকলৈ আঁচনিৰ ধন প্ৰেৰণ কৰা হৈছে ৷মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰা অনুসৰি প্ৰায়2.75 কোটি কৃষকৰ তথ্য পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

হাৰিয়ানা ,পঞ্জাৱ , উত্তৰাখণ্ড , উত্তৰ প্ৰদেশ , গুজৰাট ,হিমাচল প্ৰদেশ ,অন্ধ্ৰ প্ৰদেশ , অসম আৰু আন্দামান আৰু নিকোবৰৰ প্ৰায় 40 শতাংশ কৃষকে প্ৰথম প্ৰযায়ৰ আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্য বুলি  প্ৰকাশ কৰে ৷  

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.