ETV Bharat / bharat

ক'ভিড-19 ৰ প্ৰতিষেধকৰ বুজ ল'বলৈ হায়দৰাবাদত 64 দেশৰ দূত

author img

By

Published : Dec 9, 2020, 1:25 PM IST

Updated : Dec 9, 2020, 4:14 PM IST

ক'ভিড-19 প্ৰতিষেধক প্ৰস্তুতৰ প্ৰক্ৰিয়া পৰিদৰ্শন কৰিবলৈ ভাৰতত আহি উপস্থিত বিদেশৰ 64 খন ৰাষ্ট্ৰৰ দূত ৷ বুধবাৰে ভাৰত বায়'টেক আৰু বায়'লজিকেল - ই পৰিদৰ্শন কৰাৰ উদ্দেশ্যে হায়দৰাবাদত আহি ৰাষ্ট্ৰদূতসকল উপস্থিত হয় ৷

foreign envoys reach Hyderabad
হাইদৰাবাদত উপস্থিত 64 খন দেশৰ দূত

নেচনেল ডেস্ক, 9 ডিচেম্বৰ: নভেল ক'ৰণা ভাইৰাছক প্ৰতিহত কৰাৰ উদ্দেশ্যে প্ৰতিষেধক প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰাৰ বাবে ভাৰতত উপস্থিত 64 খন বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ৷ ক'ৰণা প্ৰতিষেধকৰ প্ৰস্তুতি চলাই থকা আগশাৰীৰ প্ৰতিষ্ঠান ভাৰত বায়'টেক আৰু বায়'লজিকেল - ই পৰিদৰ্শন কৰাৰ উদ্দেশ্যে বুধবাৰে হায়দৰাবাদত ৰাষ্ট্ৰদূতসকল আহি উপস্থিত হয় ৷

তথ্য অনুসৰি উক্ত উদ্দেশ্যত এইয়ে প্ৰথম ভ্ৰমণ ৷ 6 নৱেম্বৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা ক'ভিড-19 ৰ ওপৰত আগবঢ়োৱা বিবৃতিৰ পাছতেই এই ভ্ৰমণ কাৰ্যসূচী লোৱা হৈছে ৷ উল্লেখ্য যে ভাৰত হৈছে বিশ্বৰ আটাইটকৈ বৃহৎ প্ৰতিষেধক উৎপাদনকাৰী দেশ আৰু বিশ্ব প্ৰেক্ষাপটত চলি থকা ক'ভিড-19 বিৰোধী যুঁজখনত ভাৰতে গুৰুত্বপূৰ্ণ অৰিহনা আগবঢ়াই আছে ৷ তথ্য অনুসৰি ভাৰতৰ ক'ভিড-19 প্ৰতিষেধক প্ৰস্তুতকৰণৰ ওপৰত বহুতৰে আগ্ৰহ আছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে ভাৰতৰ প্ৰতিষেধক নিৰ্মাণৰ ক্ষমতা আৰু বিতৰণ ক্ষমতা এই সংকটৰ বিৰুদ্ধে হোৱা যুঁজখনত সমগ্ৰ মানৱ জাতিৰ বাবে প্ৰয়োগ কৰা হ'ব ৷ ক'ভিড-19 ৰ প্ৰতিষেধক প্ৰস্তুতকৰণৰ বুজ ল'বলৈ নৱেম্বৰৰ 28 তাৰিখে প্ৰধানমন্ত্ৰী গৰাকীয়ে আহমেদাবাদ, পুনে আৰু হাইদৰাবাদ ভ্ৰমণ কৰিছিল ৷ 30 নৱেম্বৰতো প্ৰধানমন্ত্ৰীগৰাকী পুনে আৰু হায়দৰাবাদৰ ক'ভিড-19 প্ৰতিষেধক প্ৰস্তুতিৰ সৈতে জড়িত দলসমূহৰ সৈতে ভাৰ্চুৱেল বৈঠকত অংশ লয় ৷

লগতে পঢ়ক: 100 দিনত 100 মিলিয়ন পালি ক'ভিড প্ৰতিষেধক প্ৰদানৰ প্ৰতিশ্ৰুতি জ' বাইডেনৰ

Last Updated : Dec 9, 2020, 4:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.