ঔৰেংগাবাদ, 24 মাৰ্চঃ বিহাৰৰ নক্সাল অধ্যূষিত ঔৰেংগাবাদত নিৰাপত্তাবাহিনীলৈ লক্ষ্য কৰি 60 টা লেণ্ডমাইন পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে নিৰাপত্তাবাহিনীৰ এটা দলে ৷ এক গোপন সূত্ৰৰ পম খেদি কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী আৰু আৰক্ষীৰ এটী যুটীয়া দলে চলোৱা তালাচী অভিযানত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে লেণ্ডমাইন কেইটা ৷
অভিযানকাৰী দলটোৱে প্ৰথমে সমগ্ৰ এলেকাটো ছীল কৰি তন্ন তন্নকৈ পৰীক্ষা কৰাত লেণ্ডমাইন সমূহ ধৰা পৰে ৷ আৰক্ষী বিষয়া ৰাজেশ কুমাৰ সিঙে জনোৱা মতে দুইৰ পৰা আঢ়ৈ কিলোগ্ৰাম ওজনৰ লেণ্ডমাইন সমূহ চাৰিশ মিটাৰ আঁতৰে আঁতৰে নক্সালবাদীয়ে সংস্থাপন কৰিছিল ৷
লগতে চাওকঃ কৰ'ণা বাবে কাৰাবন্দী সকলৰ জামিনৰ চিন্তা চৰ্চা উচ্চতম ন্যায়ালয়ৰ