ETV Bharat / bharat

হাস্পতালত ককাদেউতাকক সাঙি কৰি নিলে 6 বছৰীয়া শিশুয়ে, ভিডিঅ' ভাইৰেল

author img

By

Published : Jul 22, 2020, 1:48 PM IST

ছয় বছৰীয়া শিশুয়ে ককাদেউতাকক হাস্পতালত সাঙি কৰা ভিডিঅ' ভাইৰেল ৷ এটা ঘটনাৰ বাবে হাস্পতালখনৰ এজন ৱাৰ্ডবয়ক নিলম্বিত ৷

গোৰখপুৰৰ দেওৰিয়া জিলা হাস্পতাল
হাস্পতালত ককাদেউতাকক সাঙি কৰি নিলে 6 বছৰীয়া শিশুয়ে

নেশ্যনেল ডেস্ক, 22 জুলাই : উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ দেওৰিয়া জিলা হাস্পতালত এটি ছয় বছৰীয়া শিশুয়ে ককাদেউতাকক সাঙি কৰি নিয়া দৃশ্য ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ'টোত মাতৃৰ সৈতে ৰোগীয়া ককাদেউতাকক এটা ৱাৰ্ডৰ পৰা আনটো ৱাৰ্ডলৈ কঢ়িয়াই নিছিল শিশুটিয়ে ৷ ৱাৰ্ডবয়ে ককাদেউতাকক কঢ়িয়াই নিবৰ বাবে প্ৰতিবাৰে 30 টকাকৈ দাবী কৰাত শিশুটিয়ে মাতৃৰ সৈতে ককাদেউতাকক সাঙি কৰিবলগা হয় ৷

8 ছেকেণ্ডৰ এই ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পাচতে হাস্পতালখনৰ অস্ত্ৰোপচাৰ বিভাগৰ ৱাৰ্ডবয়জনক নিলম্বিত কৰা হয় ৷ ছয় বছৰীয়া শিশুটি আৰু তেওঁৰ মাতৃয়ে সাঙিখনত ৰোগীয়া লোকজনক লৈ যোৱা দৃশ্য দেওৰিয়া জিলা দণ্ডাধীশৰ দৃষ্টিগোচৰ হয় ৷ ইয়াৰ পাচতে হাস্পতালত উপস্থিত হৈ দণ্ডাধীশগৰাকীয়ে ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ দিয়ে ৷

বৃদ্ধ লোকজনৰ কন্যা বিন্দুয়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি, ৱাৰ্ডবয়ে তেওঁৰ পিতৃক সাঙিখনত নিবৰ বাবে প্ৰতিবাৰেই 30 টকাকৈ দাবী কৰিছিল ৷ চেৰি যাদৱ নামৰ গৌৰা গাঁৱৰ লোকজন দুদিন পূৰ্বে আঘাতপ্ৰাপ্ত হোৱা বাবে হাস্পতালখনৰ অস্ত্ৰোপচাৰ বিভাগত ভৰ্তি কৰোৱা হৈছিল ৷

বিন্দুয়ে মন্তব্য কৰে, "মোৰ পিতৃক প্ৰতিবাৰ সাঙী কৰিবৰ বাবে তেওঁ 30 টকাকৈ দাবী কৰিছিল ৷ কিন্তু মই অমান্তি হোৱাত তেওঁ দায়িত্ব পালন কৰিবলৈ অস্বীকাৰ কৰে ৷ সেয়েহে মোৰ পুত্ৰ শিৱমৰ সহায়ত মই তেওঁক ঠেলি লৈ গ'লো ৷"

দেওৰিয়া জিলা দণ্ডাধীশ অমিত কিশোৰে সোমবাৰে হাস্পতালখনত উপস্থিত হৈ চেৰি যাদৱৰ পৰিয়ালৰ সৈতে মিলিত হয় আৰু এই সম্পৰ্কত এখন যুটীয়া তদন্তকাৰী পেনেল গঠন কৰি দিয়ে ৷ অতি সোনকালে এই সম্পৰ্কত প্ৰতিবেদন দাখিল কৰিবলৈ তেওঁ পেনেলক নিৰ্দেশ প্ৰদান কৰিছে ৷

ভাইৰেল ভিডিঅ' সম্পৰ্কত মন্তব্য কৰি সদৰ DM য়ে কয় যে, ৱাৰ্ডবয়জনেই ইয়াৰ বাবে দায়ী ৷ তেওঁক মুখ্য চিকিৎসা বিষয়াই চাকৰিৰ পৰা নিলম্বিত কৰিছে ৷

লগতে পঢ়ক : ৰাজস্থান ৰাজনৈতিক সংকট : মুখ্যমন্ত্ৰীৰ ভাতৃ আগ্ৰাছেন গেহলটৰ বাসগৃহত তালাচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.