নিউজ ডেস্ক, 6 এপ্ৰিলঃ কাশ্মীৰ প্ৰশাসনে ইয়াৰ অন্তৰ্গত ছখনকৈ গাঁৱক ৰেড জ’নৰ অধীনস্থ বুলি ঘোষণা কৰিছে ৷ বন্দীপুৰা জিলাৰ এই ছখন গাঁও হৈছে ক্ৰমে, কোনান, গুন্দখইছাৰ, গুন্দ দাচিনা, হাকবাৰা, মাদবান আৰু পেঠকোটে ৷ দৰাচলতে এইকেইখন গাঁৱত বিগত দুদিনত ছজনকৈ কোভিড-19 ৰোগী পোৱা গৈছিল আৰু তাৰ পিচতেই স্থানীয় প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷
আনহাতে এই ছখন গাঁৱৰ সমীপৱৰ্তী গাঁৱসমূহ বাফাৰ জ’নৰ অধীনলৈ অনা হয় বুলি জানিবলৈ দিয়ে জিলা দণ্ডাধীশ শ্বাহবাজ আহমদ মিৰ্জাই ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি, মহামাৰী কোভিড-19ৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইসমূহ গাঁৱত চিআৰপিচিৰ 144 ধাৰা জাৰী কৰা হৈছে ৷ ইয়াৰ দ্বাৰা এই গাঁৱসমূহক কোনো লোক প্ৰৱেশ কৰিবও নোৱাৰিব আৰু গাঁৱসমূহৰ পৰা কোনো লোক বাহিৰলৈ ওলাবও নোৱাৰিব ৷ আনহাতে আইন-ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে জিলা দণ্ডাধীশগৰাকীয়ে ৷