সংখ্যাগৰিষ্ঠ দলে প্ৰথমে সুযোগ পাব বিটিএডিত চৰকাৰ গঠনৰ: ন্যায়ালয়
মঙলবাৰে মহামান্য আদালতে প্ৰদান কৰা নতুন নিৰ্দেশনা অনুসৰি, বিটিচিত চৰকাৰ গঠনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব সংখ্যাগৰিষ্ঠ দলক ৷ সেই পৰিপ্ৰেক্ষিতত বিপিএফ দলক অহা ২৬ ডিচেম্বৰৰ ভিতৰত তেওঁলোকক চৰকাৰ গঠনৰ ক্ষেত্ৰত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ লগতে, তেওঁলোকৰ মাজৰ পৰাই চি ই এম নিৰ্বাচনৰ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে ৷
কৰ‘ণাৰ প্ৰতিষেধকৰ প্ৰথমটো ড‘জ গ্ৰহণ কৰিলে জ‘ বাইডেনে
বাইডেনক বৰ্তমান কৰ‘ণাৰ প্ৰতিষেধকৰ প্ৰথমটো ড‘জ দিয়া হৈছে ৷ কিছুদিনৰ পাছত তেখেতক দ্বিতীয়টো ড‘জো প্ৰদান কৰা হ‘ব যাতে তেখেত কৰ‘ণাৰ ভয়াৱহতাৰ পৰা সম্পূৰ্ণ ৰূপে সুৰক্ষিত হয় ৷ দ্বিতীয়টো ড‘জ প্ৰদানৰ তাৰিখ ৰাষ্ট্ৰপতিৰ ইলেক্ট’ মেডিকেল দলে নিৰ্ধাৰণ কৰিব ৷
কৃষি আইন বাতিলৰ দাবীত আঞ্চলিক গণ মৰ্চাৰ প্ৰতিবাদ
কৃষি আইনৰ বিৰুদ্ধে মহানগৰীৰ ৰাজপথত সাব্যস্ত প্ৰতিবাদ ৷ কামৰূপ জিলা সমন্বয়ৰক্ষী সমিতিৰ লগতে গণ মৰ্চাৰ একাংশ নেতাই এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷
গুৱাহাটীৰ বিভিন্ন ঠাইত আয়কৰ বিভাগৰ অভিযান
মঙলবাৰে মহানগৰীৰ বিভিন্ন স্থানত আয়কৰ বিভাগে চলায় অভিযান ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠিকা সম্পৰ্কীয় এক অভিযোগত এইদৰে অভিযান চলাই বিভাগে ৷ মহানগৰীৰ উষা কোৰ্ট, জু-ৰোড, গনেশগুৰিত চলে এই অভিযান ৷ উষা কোৰ্টৰ ৩নং মহলাত চলি আছে এই অভিযান ৷ কেৱল উষা কোৰ্টতেই নহয় জু-ৰোডৰ আইভৰি এপাৰ্টমেন্টটো চলিছে এই অভিযান ।
প্ৰসৱৰ 24 ঘণ্টাৰ ভিতৰত সদ্যজাত সন্তানক লৈ খোজকাঢ়ি ঘৰমুৱা প্ৰসুতি
প্ৰসৱৰ 24 ঘণ্টা সম্পূৰ্ণ নোহোৱাৰ আগতে এগৰাকী মহিলাক কোনো সহায়তা অবিহনেই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এৰিবলৈ কোৱা হয় ৷ মহিলাগৰাকীৰ ওচৰত কোনো বিকল্প নথকাৰ ফলত প্ৰসুতি গৰাকীয়ে এখন পাহাৰ বগাবলৈ বাধ্য হয় ৷
চিৰাঙৰ লাউক্ৰীগুৰিবাসীৰ খোৱাপানীৰ সমস্যা সমাধানৰ আশ্বাস প্ৰমোদ বড়োৰ
ই টি ভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ । ই টি ভি ভাৰতত চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ লাউক্ৰীগুৰিবাসীৰ খোৱাপানীৰ সমস্যাৰ বিষয়ে বাতৰি প্ৰচাৰিত হোৱাৰ পিছতে মঙলবাৰে অঞ্চলটোত উপস্থিত হয় মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো । শীঘ্ৰে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ আশ্বাস দিলে প্ৰমোদ বড়োৱে । দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ আশ্বাস লাভ কৰাৰ পিছতে হাঁহি বিৰিঙিছে নদীৰ ঘোলা পানী খাই তৃষ্ণা নিবাৰণ কৰি অহা লোকসকলৰ মুখত ।
কৰ্মসংস্থাপন বৃদ্ধিৰ দাবীত গুৱাহাটীত ছাত্ৰ বিক্ষোভ
আমাৰ চাকৰি ক’ত শ্ল’গানেৰে উত্তাল কৰিলে প্ৰতিবাদস্থলী ৷ ছাত্ৰ সংগঠনটোৰ দাবী-“এইখন চৰকাৰৰ দিনত নিয়োগৰ নামত মাথো দুৰ্নীতিহে হৈছে ৷ যিটোৱেই নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিছে তাতেই সংঘটিত হৈছে দুৰ্নীতি ৷ নিবনুৱাৰ সংস্থাপনৰ কথা কোৱা এই চৰকাৰৰ দিনত এটাও সংস্থাপন নাপালে ৷
বৰপেটাত মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে পচা আলু-পিয়াঁজ
বৰপেটাৰ 925 নং মালিপাৰা প্ৰাথমিক বিদ্যালয়ত আজৱকাণ্ড । মধ্যাহ্ন ভোজনৰ নামত কণ-কণ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰিলে পচা আলু-পচা পিয়াঁজৰ টোপোলা । যাক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে অভিভাৱকসকল ৷
ছিংগাপুৰে লাভ কৰিলে ফাইজাৰ প্ৰতিষেধকৰ প্ৰথমলানি চিটা
এছিয়াৰ ভিতৰতে প্ৰথমখন দেশ হৈছে ছিংগাপুৰ যিয়ে কোভিড-19ৰ প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হৈছে ৷ সোমবাৰে নিশাৰ ভাগত ছিংগাপুৰ আহি পায় ফাইজাৰৰ দ্বাৰা নিৰ্মিত প্ৰতিষেধকৰ প্ৰথমলানি চিটা ৷
কৰ'ণা মহামাৰীৰ কালচোৱাত ভাৰতত যৌন শিক্ষাৰ প্ৰয়োজনীয়তা
কৰ'ণা মহামাৰীৰ কালচোৱাত যৌন শিক্ষাক আৰু অধিক বিস্তৃত, সন্মিলিত আৰু পৰস্পৰ ভাৱ বিনিময়যোগ্য কৰি তোলাৰ প্ৰয়োজনীয়তা অনুভূত হৈছে ৷