ETV Bharat / bharat

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি - শীৰ্ষ বাতৰি

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

5 PM TOP TEN NEWS
5 PM TOP TEN NEWS
author img

By

Published : Dec 18, 2020, 4:55 PM IST

অসম কৃষি বিশ্ববিদ্যালয়ত সংযোজন এনচিচি

অসমৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান অসম কৃষি বিশ্ববিদ্যালয়,যোৰহাটত আজি আনুষ্ঠানিকভাৱে সংযোজন কৰা হয় নেশ্বনেল কেডেট ক'ৰৰ গোট ৷

তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘটৰ এক কাৰ্যসূচী ৷ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সংগঠনটোৱে ৰূপায়ণ কৰে এই কাৰ্যসূচী ৷

নগাঁৱত 9 নৱেম্বৰৰ পৰাই সন্ধানহীন 7 বছৰীয়া পুত্ৰসহ মাতৃ

নগাঁৱত সন্ধানহীন মাতৃ আৰু পুত্ৰ ৷ 9 নৱেম্বৰৰ পৰাই সন্ধানহীন মাতৃ-পুত্ৰ ৷ ঘটনা সন্দৰ্ভত স্বামীৰ এজাহাৰ দাখিল ৷

কৃষকৰ হুমুনিয়াহত পৰিণত সহস্ৰ বিঘা কৃষিভূমি

নাওবৈচাত কৃষকৰ হুমুনিয়াহত পৰিণত পানীত ডুবি থকা সহস্ৰ বিঘা কৃষিভূমি ৷ শিঙৰা নদীয়ে অঘৰী কৰিলে গোসাঁনীবাৰী-গেলাহাটী অঞ্চলৰ বহু পৰিয়ালক ৷ অঞ্চলটোৰ কৃষিজীৱী ৰাইজে আজি বিলৰ এবুকু পানীৰ তলত থকা খেতিৰ মাটিডৰালৈ মনত পেলাই হুমুনিয়াহ কাঢ়ে ।

কেন্দ্ৰ বনাম পশ্চিমবংগ চৰকাৰ: পুনৰ চমন জাৰী তিনিগৰাকী আইপিএছ বিষয়ালৈ

পুনৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পশ্চিম বংগৰ প্ৰশাসনক এক আলোচনাত মিলিত হ'বলৈ নিৰ্দেশ দিছে ৷ নিৰ্দেশনা অনুসৰি তিনি আইপিএছ বিষয়াক গৃহমন্ত্ৰালয়ত উপস্থিত হ'বলৈ জাৰী কৰা চমন সন্দৰ্ভত শুকুবাৰে 5.30 বজাত দিল্লীত এখন আলোচনাৰ আয়োজন কৰিছে গৃহ মন্ত্ৰণালয়ে ৷

তিনিচুকীয়াত ভিন্ন দাবীৰে আশা কৰ্মীৰ প্ৰতিবাদ

তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলা আশা কৰ্মী সংস্থাই ভিন্ন দাবী উত্থাপনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকৰ দাবীসমূহ চৰকাৰে মানি নল'লে সমাগত বিধানসভা নিৰ্বাচনত তেওঁলোকে ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে ৷

উত্তৰ কামৰূপত বন বিষয়াক মেনেজ কৰি চোৰাং ব্যৱসায়ীৰ বন ধংস !

উত্তৰ কামৰূপৰ হাজো ৰেঞ্জৰ অধীনত চোৰাং ব্যৱসায়ীয়ে বন ধংস চলাই থকাৰ অভিযোগ উত্থাপন হৈছে ৷ চোৰাং ব্যৱসায়ীয়ে বন বিষয়াক মেনেজ কৰি এই কাৰ্য চলাই থকাৰ অভিযোগ ৰাইজৰ ৷

কৰিমগঞ্জত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস

আগন্তুক 23 আৰু 24 ডিচেম্বৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব কৰিমগঞ্জত । সভাখনৰ প্রস্তুতিৰ পর্যবেক্ষণ কৰিবলৈ বৃহস্পতিবাৰে দলীয় কর্মী সকলক লগতলৈ কৰিমগঞ্জ কাৰ্যনিৰ্বাহক সভাস্থলী পৰিদৰ্শন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

অৰুণাচল প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত

সমাগত অৰুণাচল প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচন ৷ 22 ডিচেম্বৰত অনুষ্ঠিত হ'ব অৰুণাচল প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচন ৷ আজিৰ তাৰিখতো আদিম মানুহৰ দৰে বসবাস কৰিব লগা পৰিস্থিতিৰ প্ৰতিবাদ জনাই নিৰ্বাচনত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত ৷ পথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে 7000 ভোটাৰে সাব্যস্ত নকৰে তেওঁলোকৰ ভোটাধিকাৰ ৷ No Road No Vote শ্ল'গানেৰে ভোট বৰ্জনৰ সিদ্ধান্ত ৷

ৰঙিয়াত পকী দলং নিৰ্মাণত অনিয়ম, তিনি বছৰে সম্পূৰ্ণ নহ'ল পকী দলং

জয়ন্তীপুৰ-নোনাপাৰ সংযোগী পথটোত তিনি বছৰ পূৰ্বে নিৰ্মাণ কৰা দলং বৰ্তমানেও নহ'ল সম্পূৰ্ণ । ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ ঘনিষ্ঠ ঠিকাদাৰী সংস্থাই নিজ ময়মতালিৰে দলং নিৰ্মাণৰ কাম এবছৰৰ পৰা বন্ধ কৰি ৰখাত ক্ষুদ্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ অতি শীঘ্ৰেই অৰ্ধ নিৰ্মিত দলং খনৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দলং নিৰ্মাণৰ দাবী জনায় অঞ্চলবাসীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.