ETV Bharat / bharat

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Dec 6, 2020, 5:01 PM IST

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

5 pm top ten news
5 pm top ten news

ধিঙত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

ধিঙত লক্ষাধিক টকাৰ হেৰ'ইন আৰু গাঞ্জা জব্দ ৷ সোনাৰি গাৱঁৰ হাবিল আলীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় সামগ্ৰী খিনি ৷ লগতে জব্দ কৰা হয় হাবিল আলীৰ এখন বিলাসী বাহন ৷ নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ নেতৃত্বত চলোৱা হৈছে অভিযান ৷ হাবিল আলীৰ লগতে আৰক্ষীয়ে কৰায়ত্ব কৰিছে বাহাদুল আলম আৰু মফিদুল হকক ৷ হাবিল আলীৰ বাসগৃহত বৰ্তমানেও অব্যাহত তালাচী ৷

স্থানীয় ৰে‘লৰ চলাচল কৰোৱাৰ দাবীত পাঠশালাত প্ৰতিবাদ

উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ সদৃশ গুৱাহাটীত সাধাৰণ কাম কৰি দৈনিক অহা যোৱা কৰা লোকসকল এইক্ষেত্রত সবাতকৈ অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে এখন ৰেল বা এটা ষ্টেচনক নিৰ্ভৰ কৰি দুপইচা অৰ্জন কৰা অটো চালক ,ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিছে ৷

কামপুৰত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী

তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত কামপুৰৰ কচুৱা-বৈঠালাংছ' সংযোগী পথৰ ৰমনীপথাৰত এগৰাকী লোকে মৃত্যুক সাৱটিব লগীয়া হয় ৷ বালিজুৰিৰ জয়নাল উদ্দিন নামৰ লোক গৰাকীয়ে AS-02 BC-4930 নম্বৰৰ ডাম্পাৰখনৰ খুন্দাত থিতাতে প্ৰাণ ত্যাগ কৰে ৷

বৰপেটাত লটাৰীৰ টিকটসহ আটক দুই ব্যৱসায়ী

বৰপেটাৰ পাঁচআলি চ'কত লটাৰীৰ কাউন্টাৰত চলোৱা আৰক্ষীৰ এই অভিযানত জব্দ ৬ লক্ষাধিক টকাৰ লটাৰীৰ টিকট ৷ বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই অবৈধ লটাৰী ব্যৱসায়ী দুজনক আটক কৰে ৷

মহানগৰীত ব্যৱসায়ীক প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটীত ভয়ংকৰ অগ্নিকাণ্ড ৷ বাহনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ডৰ ৷ অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰ সহায়ত জুই নিৰ্বাপন ৷

অস্তিত্বৰ সংকটত নাওবৈচা হস্ত তাঁত প্ৰশিক্ষণ কেন্দ্ৰ

চৰম অস্তিত্বৰ সংকটত নাওবৈচাৰ হস্ততাঁত বস্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰ ৷ জহি খহি যাবলৈ ধৰিছে কেন্দ্ৰটোৰ ঘৰ দুৱাৰৰ লগতে সা-সজুঁলিবোৰ ৷ অতি শীঘ্ৰে কেন্দ্ৰটো পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সচেতন ৰাইজে ৷

নাৰায়ণপুৰত দিব্যাংগ সকলক কৃত্ৰিম ভৰি আৰু কেলিপাৰ সংস্থাপনৰ শিৱিৰ

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই শিৱিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২৫ গৰাকী দিব্যাংগ লোকৰ কৃত্ৰিম ভৰিৰ লগতে কেলিপাৰ সংস্থাপনৰ বাবে জোখ-মাখ লোৱা হয় । জোখ-মাখৰ অন্তত পৰৱৰ্তী সময়ত এইসকল লোকক কৃত্ৰিম ভৰিৰ লগতে কেলিপাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ সংস্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে দ্ৰোপাং পিছলা আঞ্চলিক বিকলাংগ অনুষ্ঠানৰ সচিব ধন্টি দাসে ।

শ্ৰীনগৰত সন্ত্ৰাসবাদী আক্ৰমণত আহত আৰক্ষী আৰু স্থানীয় লোক

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ জিলাত দেওবাৰে সন্ত্ৰাসবাদী আক্ৰমণত আহত এজন আৰক্ষী আৰু এজন স্থানীয় লোক ৷ দুয়োকে ততাতৈয়াকৈ স্থানীয় হাস্পতাললৈ প্ৰেৰণ ৷

সেনাৰ পোছাক পৰিধান কৰি নাৰমাৰীত দুৰ্বৃত্তৰ লুটপাত

সেনাৰ পোছাক পিন্ধি নগাঁৱৰ নাৰমাৰীত ডকাইতি কাণ্ড সংঘটিত কৰিলে দুৰ্বৃত্তই ৷ শনিবাৰে সন্ধিয়া প্ৰায় 8 বজাত সংঘটিত হয় এই ঘটনা ৷

নগাঁৱৰ চামগুৰিত বনৰীয়া হাতীৰ তাণ্ডব অব্যাহত

নগাঁও জিলাত বৃদ্ধি পাইছে বনৰীয়া হাতীৰ তাণ্ডব ৷ কৃষকৰ পকিবলৈ ধৰা ধান খাই তহিলং কৰিছে বনৰীয়া হাতীয়ে ৷ বন বিভাগক অৱগত কৰাৰ পিচতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.