নেশ্যনেল ডেক্স, 11 জানুৱাৰী: মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বৈচাৰ অঞ্চলত এটা কেমিকেল ফেক্টৰীত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা ৷ বিস্ফোৰণৰ ফলত 5 জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় 6 গৰাকীকৈ লোক ৷ এই ঘটনাৰ পাচতে ফেক্টৰীটোত সংঘটিত হয় অগ্নিকাণ্ড ৷ মহাৰাষ্ট্ৰ আৰক্ষী সূত্ৰই প্ৰকাশ কৰে এই তথ্য ৷
মহাৰাষ্ট্ৰৰ পালঘৰত কেমিকেল ফেক্টৰীত বিস্ফোৰণঃ সন্ধিয়া প্ৰায় 7.20 বজাত দুবিধ ৰাসায়ণিক দ্ৰব্য পৰীক্ষণৰ সময়ত বিক্ৰিয়া ঘটি সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা ৷ স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি বিস্ফোৰণস্থলীৰ 15 কিল'মিটাৰ দূৰপৰ্যন্ত এই বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিল ৷ লগতে, বিস্ফোৰণৰ ফলত কাষৰীয়া কেইবাটাও বাসগৃহৰ খিৰিকি ভাঙি যায় বুলি জানিব পৰা গৈছে ৷
মহাৰাষ্ট্ৰৰ পালঘৰত কেমিকেল ফেক্টৰীত বিস্ফোৰণ