ETV Bharat / bharat

জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণত ৫ জন পাক সেনা নিহত - জম্মু-কাশ্মীৰত

জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত ভাৰতীয় সেনা আৰু পাক সেনাৰ মাজত দুঘণ্টা জোৰা সংঘৰ্ষ । পাকিস্তানৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাই কৰা গুলীচালনাত ৫ জন পাক সেনা নিহত । ৩ জন পাক সেনা আহত ।

জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণত ৫ জন পাক সেনা নিহত

author img

By

Published : Dec 11, 2020, 4:15 PM IST

নেশ্যনেল ডেস্ক, ১১ ডিচেম্বৰ : পাকিস্তানে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত মানকোট ছেক্টৰত বৃহস্পতিবাৰে গুলীবৰ্ষণ কৰে । সাধাৰণ নাগৰিকৰ সুবিধাৰ বাবে থকা সম্পত্তিলৈ লক্ষ্য কৰি আক্ৰমণ কৰে । এক সূত্ৰই প্ৰকাশ কৰা মতে, নাগৰিকৰ সম্পত্তি নষ্ট কৰাৰ লক্ষ্যৰে পাক সেনাই বৃহস্পতিবাৰে নিৰ্বিচাৰ গুলীচালনা কৰে । ফলত ৰাজহু সম্পত্তিৰ ক্ষতি সাধন হয় । ভাৰতীয় সেনায়ো প্ৰত্যুত্তৰত গুলীচালনা কৰে ।

এই সংঘৰ্ষত পাকিস্তানৰ ৫ জন সেনা নিহত হোৱাৰ লগতে ৩ জন সেনা আহত হয় । পাক সেনাৰ কেইবাটাও বাংকাৰ নষ্ট হয় । দুয়ো পক্ষৰ মাজত দুঘণ্টা ধৰি গুলীয়াগুলি হয় । চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা পাকিস্তানে ১৯৯৯ চনত স্বাক্ষৰিত হোৱা দ্বিপাক্ষিক যুদ্ধবিৰতি চুক্তি উলংঘন কৰি আহিছে । জম্মুত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তানে ৩,২০০ৰো অধিক বাৰ যুদ্ধবিৰতি চুক্তি উলংঘন কৰিছে আৰু পাক সেনাৰ আক্ৰমণত এতিয়ালৈকে ৩০ গৰাকী ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে আৰু ১০০ৰো অধিক লোক আহত হৈছে ।

লগতে পঢ়ক:ৰাজস্থানৰ জে.কে. লোন হাস্পতালত 24 ঘন্টাত 9 শিশুৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.