নিউজ ডেস্ক, ১৩ মাৰ্চ : ঝাৰখণ্ডত আৰক্ষীৰ জালত পাঁচজনকৈ মাওবাদী। নিষিদ্ধ ঘোষিত সংগঠন পিপলচ্ লিবাৰেচন ফ্ৰণ্টৰ ঘাটি উচ্ছেদ কৰি ঝাৰখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাওবাদী সন্ত্ৰাসবাদীকেইজনক।
এক বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে মাওবাদীকেইজনৰ ঘাটি উচ্ছেদ কৰা বুলি জানিবলৈ দিয়ে ৰামগড় আৰক্ষীৰ মহাপৰিদৰ্শক নিধি দ্বিবেদীয়ে। অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে দুটাকৈ স্বদেশতনিৰ্মিত পিস্তলকে ধৰি মোবাইল ফোন আৰু ছিমকাৰ্ড।