নেশ্বনেল ডেস্ক, 30 অক্টোবৰ : জম্মু-কাশ্মীৰৰ কুলগ্ৰাম অঞ্চলত মঙলবাৰে অচিনাক্ত সন্ত্ৰাসবাদীয়ে পশ্চিমবংগৰ 5 জনকৈ শ্ৰমিকৰ গুলীয়াই হত্যা কৰে ৷ ইয়াৰোপৰি, এজন লোকক গুৰুতৰভাৱে আহত কৰে অচিনাক্ত সন্ত্ৰাসবাদীৰ দলটোৱে ৷ মৃত আৰু আহত আটাইকেইজন শ্ৰমিক পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ বুলি জানিব পৰা গৈছে ৷
চিআৰপিএফে জানিবলৈ দিয়া অনুসৰি, পাঁচজন শ্ৰমিকৰ মৃত্যু হৈছে আৰু আহত শ্ৰমিকজনক ততাতৈয়াকৈ অনন্তনাগৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ আটাইকেইজন শ্ৰমিক পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ বুলি জানিব পৰা গৈছে বুলি মন্তব্য কৰে চিআৰপিএফে ৷
ঘটনা সংঘটিত হোৱাৰ পাচতে অঞ্চলটোত উপস্থিত হৈ 18 বেটেলিয়ান আৰ্মী আৰু জম্মু-কাশ্মীৰ আৰক্ষী ৷ ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান কাৰ্য অব্যাহত ৰাখে সামৰিক বাহিনীয়ে ৷ মঙলবাৰৰ দিনটোতে অন্য এক ঘটনাত বন্ধুকধাৰী সন্ত্ৰাসবাদীৰ দলে পুলৱামাৰ এখন বিদ্যালয়ত আক্ৰমণ চলায় ৷ বিয়লি 3.15 বজাত পুলৱামাৰ বিদ্যালয়ত পৰীক্ষাৰ বাবে কৰ্তব্যত ব্যস্ত থকা চিআৰপিএফৰ দললৈ 6-7 জাঁই গুলীছালনা কৰে সন্ত্ৰাসবাদীৰ দলে ৷
আৰু পঢ়ক : ছৌদি আৰৱ ভ্ৰমণ সামৰি দেশলৈ উভতিল প্ৰধানমন্ত্ৰী মোডী