ETV Bharat / bharat

অট্টালিকা খহি মৃত্যু 5 গৰাকীৰ

মুম্বাইত এটা অট্টালিকা খহি পৰাৰ বাবে অতি কমেও 5 জনকৈ লোক নিহত ৷ ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত বুজ লয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে ৷

5 dead, 23 rescued after portion of building collapses in Mumbai
অট্টালিকা খহি মৃত্যু 5 গৰাকীৰ
author img

By

Published : Jul 17, 2020, 8:53 AM IST

নিউজ ডেস্ক,17 জুলাই : বৃহস্পতিবাৰে দুপৰীয়া মুম্বাইৰ ফ'ৰ্ট অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ এটা অট্টালিকা খহি পৰাৰ বাবে অতি কমেও 5 জনকৈ লোক নিহত হোৱাৰ লগতে আহত হয় 23 গৰাকীকৈ লোক ৷ আহত সকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাইছে প্ৰশাসনৰ লোকে ৷ নিহত সকলৰ মাজৰ তিনিজনক ক্ৰমে জখনা গুপ্তা(70), কুসুম গুপ্তা(45), আৰু পদুমলাল গুপ্তা 60) বুলি চিনাক্ত কৰিছে প্ৰশাসনে ৷

অট্টালিকা খহি মৃত্যু 5 গৰাকীৰ

উল্লেখ্য যে, উক্ত ঘটনাতো সংঘটিত হোৱাৰ কিছুসময়ৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈ আৱদ্ধ সকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে মুম্বাই আৰক্ষী আৰু এন ডি আৰ এফ বাহিনীৰ এটা দলে ৷ লগতে ঘটনাস্থলীত উপস্থিত হয় 14 খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ৷ ইয়াৰ কিছুসময়ৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত বুজ লয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে বুধবাৰে চহৰ খনৰ পাভৱালা পথত এটা অট্টালিকাৰ এটা অংশ খহি পৰাৰ বাবে আহত হৈছিল দুজনকৈ লোক ৷

লগতে পঢ়কঃ এয়াৰ বাবলছ চুক্তিৰ অধীনত আজিৰে পৰা আৰম্ভ আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.