ETV Bharat / bharat

বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক বান্ধি ৰখাৰ অপৰাধত 5 জনক গ্ৰেপ্তাৰ

তেলেংগানাৰ আল্লাদুৰ্গামৰ মুশ্লাপুৰ গাঁৱত বিদ্যুৎ বিভাগৰ দুই কৰ্মচাৰীক বান্ধি ৰখাৰ অপৰাধত গাঁওখনৰ 5 জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ গাঁওখনত হোৱা বৈদ্যুতিক সমস্যা সমাধানত বিদ্যুৎ বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ বাবে এই সিদ্ধান্ত হাতত লয় গাঁওবাসীয়ে ৷

author img

By

Published : Jul 19, 2020, 12:52 PM IST

Conflict between electricity department officials and villagers in Telangana
তেলেংগানাত বিদ্যুৎ বিভাগ আৰু গাঁওবাসীৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক, 19 জুলাই : তেলেংগানাৰ আল্লাদুৰ্গামৰ মুশ্লাপুৰ গাঁৱত বিদ্যুৎ বিভাগ আৰু গাঁওবাসীৰ মাজত সৃষ্টি হয় এক সংঘৰ্ষৰ ৷ বৈদ্যুতিক বিল জমা সংক্ৰান্তত বাবে বিদ্যুৎবিভাগৰ কৰ্মচাৰী গাঁওখনত উপস্থিত হোৱাৰ পিছতে বিদ্যুৎ বিভাগৰ দুই কৰ্মচাৰীক বান্ধি ৰখাৰ অপৰাধত 5 জন লোকক গ্ৰেপ্তাৰ কৰা হয় ৷ আৰক্ষী উপ পৰিদৰ্শক কৃষ্ণ মূৰ্থীয়ে জানিবলৈ দিয়ে এই কথা ৷

লগতে তেওঁ কয় যে, "আমি গাঁওবাসীৰ সৈতে আলোচনাত মিলিত হৈছো ৷ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে আৰু সেইমৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ 353, 342 আৰু 188 নং ধাৰাত 5 জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে" ৷

আনহাতে গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি, "গাঁওখনত হোৱা বৈদ্যুতিক সমস্যা সমাধানত বিদ্যুৎ বিভাগে কোনো গুৰুত্ব আৰোপ কৰা নাই" ৷

উল্লেখ্য যে, কৰ্মচাৰী দুগৰাকীক গাঁও পঞ্চায়ত ভৱনত বান্ধি ৰখা হৈছিল আৰু আৰক্ষীৰ উপস্থিতিত তেওঁলোকক এৰি দিয়া হয় ৷

লগতে পঢ়ক : বাক্সা আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰৰ সহ সক্ৰিয় গুলী উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.