নিউজ ডেস্ক, ৮ মাৰ্চ : ভাৰত-পাকিস্তানৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে ৪৫ জনকৈ পাকিস্তানীক ভাৰতীয় নাগৰিকত্ব প্ৰদান ভাৰত চৰকাৰৰ । পুনেৰ এটা ব্লক কাৰ্যালয়ত বৃহস্পতিবাৰে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে পাকিস্তানী লোককেইজনক।
পাকিস্তানত বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হৈ দীৰ্ঘদিনৰ পূৰ্বেই ভাৰতলৈ অহা এই পাকিস্তানী লোককেইজনে ভাৰতৰ নাগৰিকত্ব লাভৰ বাবে আবেদন প্ৰদান কৰিছিল। কিন্তু বিভিন্ন কাৰণবশত তেওঁলোকৰ আবেদন স্থগিত হৈ ৰৈছিল । মহাৰাষ্ট্ৰৰ নাগৰিকত্ব আইন সংশোধন হোৱাৰ পাচতেই প্ৰদান কৰা হৈছে পাকিস্তানী লোককেইজনক নাগৰিকত্ব । চোৰাংচোৱা সন্থাই প্ৰদান কৰা তথ্য চালি-জাৰি চাইহে লোককেইজনক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা বুলি প্ৰকাশ কৰে পুনেৰ জিলা কালেক্টৰ নবল কিশোৰ ৰামে।