ETV Bharat / bharat

তবলিগী জামাতত অংশ লোৱা অন্য ৪০ গৰাকীক ট্ৰেক আৰক্ষীৰ

author img

By

Published : Apr 13, 2020, 5:05 PM IST

নতুন দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতৰ মাৰ্কাজত অংশ গ্ৰহণ কৰা ৫৮ গৰাকী নিৰুদ্দেশ হৈ থকা লোকৰ ৪০ গৰাকীক ট্ৰেক কৰিছে আৰক্ষীয়ে ।

40 Tablighi event attendees traced: Minister

নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ নতুন দিল্লীৰ নিজামুদ্দিনত বিগত মাহত অনুষ্ঠিত হোৱা ধৰ্মীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰা মহাৰাষ্ট্ৰৰ ৫৮ গৰাকী নিৰুদ্দেশ হৈ থকা তবলিগী জামাতৰ সদস্যৰ ৪০ গৰাকীক অৱশেষত ট্ৰেক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । ৪০ জন লোকক ইতিমধ্যে কোৱাৰেণ্টাইনত ৰখা হৈছে । এই কথা সদৰি কৰিছে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল ডেছমুখে ।

অৱশ্যে এতিয়াও ১৮ জনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই মহাৰাষ্ট্ৰ আৰক্ষী । ম'বাইল সমূহ বন্ধ কৰি ৰখাৰ বাবেই আৰক্ষীয়ে ট্ৰেক কৰাত অসুবিধাৰ সন্মুখীন হৈছে বুলি কয় গৃহমন্ত্ৰীগৰাকীয়ে ।

আনহাতে সন্ধান লাভ কৰা ৪০ গৰাকীক সংস্থাগত কোৱাৰেণ্টাইনত ৰখাৰ লগতে তেওঁলোকৰ স্বাৱ পৰীক্ষাৰ সকলো যাৱতীয় কাম স্বাস্থ্য বিভাগৰ আদেশ অনুসৰি কৰা হ'ব বুলি উল্লেখ কৰে ।

আনহাতে ১৫৬ গৰাকী বিদেশী নাগৰিককো ট্ৰেক কৰিছে আৰক্ষীয়ে । নিজামুদ্দিনত অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানত অংশ লৈছিল লোক কেইজনে । এওঁলোকৰ বিৰুদ্ধে ভিছাৰ অপব্যৱহাৰ কৰাৰো অভিযোগ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.