নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ কেৰালাত COVID-১৯ ত আক্ৰান্ত হৈ মৃত্যু হৈছে এটি ৪ মহীয়া কণমানী শিশুৰ । হৃদক্ৰিয়া বন্ধ হৈ মৃত্য়ু হয় কণমানি কন্যা শিশুটিৰ । ইয়াৰ এদিন পূৰ্বে চণ্ডীগড়টো মৃত্যু হৈছিল এগৰাকী ৬ মহীয়া শিশুৰ ।
উল্লেখ্য যে, কেৰালাত মৃত্য়ু হোৱা ৪ মহীয়া কন্যা শিশুটি মালাপ্পুৰাম জিলাৰ মানজেৰিৰ এটা বেচৰকাৰী হাস্পতালত যোৱা ১৭ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈ চিকিৎসাধীন হৈ আছিল । পিচত শিশুটোৰ স্বাস-প্ৰশ্বাসত অসুবিধাৰ সন্মুখীন হোৱাত ২১ তাৰিখে এখন চৰকাৰী হাস্পতালৰ ভৰ্তি কৰোৱা হয়। তাৰ পাচতেই শিশুটিৰ COVID-১৯ৰ পৰীক্ষা কৰা হয় । বুধবাৰে শিশুটিৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।
অৱশ্যে শিশুটি কেনেকৈ COVID-১৯ত আক্ৰান্ত হ'ল সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই । ইপিনে পৰিয়ালৰ লোকৰ COVID-১৯ৰ পৰীক্ষাৰ ফলাফল এতিয়াও অপেক্ষাত । ৰাজ্যখনত বৰ্তমান মৃত্যু হোৱা লোকৰ সংখ্য়া ৪ লৈ বৃদ্ধি পাইছে ।