ETV Bharat / bharat

ৰাসায়নিক জাৱৰ নিষ্কাশন কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ চাৰি শ্ৰমিকৰ মৃত্যু - Dholka news

আহমেদাবাদৰ এটা বস্ত্ৰ উদ্যোগত ৰাসয়নিক আৱৰ্জনা নিষ্কাশন কৰি থকা সময়ত গেছ নিৰ্গত হৈ সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাত অতি কমেও নিহত হয় চাৰিজনকৈ শ্ৰমিক ৷

ৰাসায়নিক জাৱৰ নিষ্কাশন কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ চাৰি শ্ৰমিকৰ মৃত্যু

author img

By

Published : Jul 19, 2020, 4:45 AM IST

নিউজ ডেস্ক, 19 জুলাইঃ গুজৰাটৰ আহমেদাবাদত সোমবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ এখন ট্ৰেংকাৰৰ পৰা বস্ত্ৰ উদ্যোগৰ ৰাসায়নিক অৱৰ্জনা পৰিষ্কাৰ কৰি থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো ৷

ধলকা মহকুমাৰ অন্তৰ্গত ছিমেজ-ধলিত চিপ্ৰা গ্ৰুপ অব কোম্পেনিজৰ ট্ৰেংকাৰত থকা ৰাসায়নিক আৱৰ্জনা নিষ্কাশন কৰি আছিল শ্ৰমিক কেইজনে ৷ তেনেতে বিষাক্ত গেছ নিৰ্গত হৈ সংঘটিত হয় দুৰ্ঘটনাটো l

আহমেদাবাদ(গ্ৰাম্য) জিলাৰ উপ আৰক্ষী অধীক্ষক নিতেশ পাণ্ডেয়ে অৱগত কৰা অনুসৰি ৰাসায়নিক আৱৰ্জনা পৰিষ্কাৰ কৰি থকা সময়তে ট্ৰেংক খনৰ পৰা বিষাক্ত ৰাসায়নিক গেছ নিৰ্গত হয় ৷ য’ত মৃত্যুমুখত পৰে চাৰিগৰাকী শ্ৰমিক৷ ঘটনা সম্পৰ্কে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে বুলি প্ৰকাশ কৰে আৰক্ষী বিষয়া জনে ৷

ইয়াৰ পূৰ্বে, 7 মে’ত অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত এল জি পলিমাৰ কাৰখানাৰ পৰা বিষাক্ত ৰাসায়নিক ষ্টেৰ্লিন গেছ নিৰ্গত হৈ 11 গৰাকী লোক মৃত্যু মুখত পৰাৰ লগতে চিকিৎসাধীন হ’ব লগীয়া হৈছিল অতি কমেও 600 জন লোক ৷

লগতে পঢ়কঃ বাংলাদেশত গ্ৰেপ্তাৰ পশ্চিমবংগৰ যুৱতী, জামাতুল মুজাহিদীনৰ সৈতে সম্পৰ্ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.