নিউজ ডেস্ক, 2 জুলাই : এক শক্তিশালী ভূমিকম্পই জোকাৰি যায় লাডাখৰ কাৰ্গিল অঞ্চল ৷ বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় 1.11 বজাত এই ভূমিকম্প অনুভূত হয় ৷
লাডাখৰ কাৰ্গিল অঞ্চলৰ পৰা 119 কিলোমিটাৰ নিলগতো ইয়াৰ কম্পন অনুভূত হয় বুলি জানিব পৰা গৈছে ৷ ৰিখটাৰ স্কেলত ইয়াৰ কম্পনাংক 4.5 আছিল বুলি জানিব পৰা গৈছে ৷ নেশ্বনেল চেন্টাৰ ফৰ চিচমোলজিয়ে এই কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷
বৰ্তমান সময়লৈকে এই ভূমিকম্পৰ ফলত কোনো ধন-জন হানি হোৱাৰ বিষয়ে জানিব পৰা হোৱা নাই ৷ এইটো উল্লেখ্য যে, হিমালয়ৰ এইখিনি অঞ্চল অতিকে ভূমিকম্পপ্ৰৱণ ৷ ইয়াৰ পূৰ্বে 27 জুলাইটো 4.5 কম্পনাংকৰ এক ভূমিকম্পই লাডাখক জোকাৰি গৈছিল ৷