ETV Bharat / bharat

2020 বিত্তবৰ্ষৰ প্ৰথম তিনিমাহত 39% লৈ বৃদ্ধি চাইবাৰ আক্ৰমণ

2020 বিত্তবৰ্ষৰ প্ৰথম তিনিমাহত 39 শতাংশলৈ বৃদ্ধি পাইছে চাইবাৰ আক্ৰমণ ৷ ইয়াৰ ফলত চাইবাৰ অপৰাধৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ভিতৰতে 27 সংখ্যক স্থান অধিকাৰ হৈছে ৷ যোৱা বছৰৰ Q4 ত ভাৰতে বিশ্বৰ ভিতৰতে 32 সংখ্যক স্থান দখল কৰিছিল ৷

চাইবাৰ অপৰাধৰ ক্ষেত্ৰত ভাৰত 27 সংখ্যক স্থানত
2020 বিত্তবৰ্ষৰ প্ৰথম তিনিমাহত 39% লৈ বৃদ্ধি চাইবাৰ আক্ৰমণ
author img

By

Published : May 24, 2020, 4:19 PM IST

নেশ্যনেল ডেস্ক, 24 মে': যোৱা বছৰৰ চতুৰ্থ তিনিমাহৰ(Q4) তুলনাত 2020 বিত্তবৰ্ষৰ প্ৰথম তিনিমাহত (Q1) ভাৰতত বৃদ্ধি পাইছে 37 শতাংশ অধিক চাইবাৰ আক্ৰমণ ৷ এক নতুন প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷

The Kaspersky Security Network (KSN) ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, এই বছৰৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত KSN য়ে 52,820,874 ঘৰুৱা চাইবাৰ ভাবুকিৰ অনুসন্ধান লাভ কৰাৰ লগতে প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে ৷

ইয়াৰ জৰিয়তে 2020 চনৰ মাৰ্চ মাহ পৰ্যন্ত চাইবাৰ অপৰাধ সংঘটিত হোৱাৰ তালিকাত ভাৰতে বিশ্বৰ ভিতৰতে 27 সংখ্যক স্থান অধিকাৰ হৈছে ৷ আনহাতে, যোৱা বছৰৰ Q4 ত দেশখনে বিশ্বৰ ভিতৰতে 32 সংখ্যক স্থান দখল কৰিছিল ৷

GReAT এছিয়াৰ জ্যেষ্ঠ প্ৰতিৰক্ষা গৱেষক সৌৰভ শৰ্মাই কয়, "2020 Q1 ত চাইবাৰ অপৰাধৰ হাৰ বহু বৃদ্ধি পাইছে আৰু এই অৱস্থা Q2 তো অব্যাহত থকাৰ সম্ভাৱনা আছে ৷ বিশেষকৈ এছিয়া মহাদেশত বৰ্তমানৰ পৰিস্থিতিতো এনে ঘটনা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷"

52,820,874 টাকৈ অপৰাধৰ ঘটনা সংঘটিত হোৱাৰ পৰা এয়া প্ৰমাণিত হৈছে যে, USB ড্ৰাইভ, CD আৰু DVD আৰু অন্যান্য অফলাইন পদ্ধতিৰে সঘনাই ব্যৱহাৰকাৰী সকলক আক্ৰমণ কৰি আহিছে চাইবাৰ অপৰাধীয়ে ৷

এনে আক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকিবৰ বাবে anti-rootkit functionality আৰু removable device ৰ নিয়ন্ত্ৰণৰ প্ৰয়োজন ৷ KSN ৰ মতে, Q4 2019 ত চাইবাৰ অপৰাধৰ ঘটনা আছিল 40,700,057 টা ৷

সৌৰভ শৰ্মাই কয়, "স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলক চাইবাৰ অপৰাধীসকলে অধিক লক্ষ্য কৰি লোৱা দেখা যায় ৷ ডাটা ফাদিল, অসুৰক্ষিত wi-fi নেটৱৰ্কৰ connection, spyware, দূৰ্বল encryption ৰ এপ আদি কিছুমান এণ্ডৰইড ব্যৱহাৰকাৰীৰ বাবে ভয়াবহ ভাবুকি ৷"

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.