ETV Bharat / bharat

কৰ্ণাটক : লণ্ডনত আৱদ্ধ ৩২৬ গৰাকী ভাৰতীয়ক উদ্ধাৰ

author img

By

Published : May 11, 2020, 5:00 PM IST

বন্দে ভাৰত মিছনৰ অধীনত লণ্ডনৰ পৰা উদ্ধাৰ ৩২৬ গৰাকী ভাৰতীয়ক । সোমবাৰে বেংগালুৰুৰ কেম্পগ'ৱড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় যাত্ৰীসকল । সকলোকে কোৱাৰেণ্টাইনলৈ প্ৰেৰণ ।

326 stranded people return from London, taken to quarantine centres

বেংগালুৰু, ১১ মে': কৰ'ণা ভাইৰাছ, লক্ ডাউনৰ মাজত লণ্ডনত আৱদ্ধ হৈ থকা ৩২৬ গৰাকী ভাৰতীয়ক উদ্ধাৰ । সোমবাৰে বেংগালুৰুৰ কেম্পগ'ৱড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহি উপস্থিত এই সকল ভাৰতীয় লোক । বন্দে ভাৰত মিছনৰ অধীনত এয়াৰ ইণ্ডিয়া বিমানেৰে লণ্ডনৰ পৰা উদ্ধাৰ কৰি কৰ্ণাটকলৈ লৈ অনা হয় ৩২৬ গৰাকী যাত্ৰীক ।

সোমবাৰে পুৱা ৪.৪৫ মিনিটত এয়াৰ ইণ্ডিয়াৰ বিমানখনে অৱতৰণ কৰিছিল বেংগালুৰুৰ বিমানবন্দৰত । বন্দে ভাৰত মিছনৰ অন্তৰ্গত এই সকল লোকক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা হৈছে । পৰৱৰ্তী সময়ত কোৱাৰেণ্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰা হয় সকলো যাত্ৰীকে ।

কেৰালা চৰকাৰৰ এগৰাকী বিষয়াৰ তৰফৰ পৰা কোৱা হৈছে যে, প্ৰাৰম্ভিক পৰ্যায়ত সকলো ৩২৬ যাত্ৰীৰ শৰীৰত কোনোধৰণৰ লক্ষণ দেখা পোৱা নাই । বৰ্তমান তেওঁলোকক হোটেলত কোৱাৰেণ্টাইনত ৰখা হৈছে ।

বিদেশত আৱদ্ধ হৈ থকা লোক সকলৰ প্ৰত্যাৱৰ্তনৰ পাচত কোৱাৰেণ্টাইন কৰাৰ বাবে ৰাজ্য চৰকাৰে বহু কেইখন হোটেল, ৰিজৰ্ট সাজু কৰি থৈছে বুলি জানিবলৈ দিয়ে ।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বি এছ ইয়েদুৰাপ্পায়ে বিদেশ আৰু অনান্য ৰাজ্য়ৰ পৰা অহা লোকক ১৪ দিনৰ কোৱাৰেণ্টাইন আৰু স্বাৱ টেষ্ট অবিহনে অন্য লোকৰ সৈতে মিলিত হ'বলৈ অনুমতি নিদিয়াৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে বিষয়াসকলক । আনহাতে যি সকলে পঞ্চতাৰকা হোটেলত কোৱাৰেণ্টাইনৰ ইচ্ছা প্ৰকাশ কৰিব তেওঁলোকে নিজে খৰচ বহন কৰিব লাগিব বুলিও কোৱা হৈছে ।

স্বাস্থ্য কৰ্মী সকলক ৰোগীৰ স্ক্ৰীনিং কৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰাৰ কথা উল্লেখ কৰা হৈছে । কৰ্ণাটক চৰকাৰ তৰফৰ পৰা তৈয়াৰ কৰা ম'বাইল এপলিকেশ্য়ন কোৱাৰেণ্টাই ঘড়ীও ডাউনলড কৰিবলৈ কোৱা হৈছিল তেওঁলোকক । যাতে কোৱাৰেণ্টাইন হৈ থকা সকলক পৰ্যবেক্ষণ কৰিব থাকিব পাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.