ETV Bharat / bharat

বিহাৰ-উত্তৰ প্ৰদেশত বজ্ৰপাতত মৃত্যু 31 জন লোকৰ - উত্তৰ প্ৰদেশত বজ্ৰপাতত 5 জন লোকৰ মৃত্যু

বৃহস্পতিবাৰে বিহাৰ আৰু উত্তৰ প্ৰদেশত সংঘটিত হয় এক কৰুণ ঘটনা ৷ বজ্ৰপাত পৰি দুয়োখন ৰাজ্যত মৃত্যু হৈছে 31 জন লোকৰ ৷

31 Killed in Lightning Strikes Across Bihar and UP

author img

By

Published : Jul 3, 2020, 3:18 AM IST

Updated : Jul 3, 2020, 5:21 AM IST

নিউজ ডেস্ক, 3 জুলাইঃ বিহাৰ আৰু উত্তৰ প্ৰদেশত বৃহস্পতিবাৰে সংঘটিত হয় এক কৰুণ ঘটনা ৷ বজ্ৰপাত পৰি কৰুণ মৃত্যুক আঁকোৱালি ল’লে 31 জনকৈ লোকে ৷

বৃহস্পতিবাৰে কেৱল বিহাৰতে বজ্ৰপাত পৰি মৃত্যু হয় 26 জন লোকৰ ৷ ৰাজ্যখনত বিগত এটা সপ্তাহত বজ্ৰপাত পৰি 100 জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি আনুষ্ঠানিক ভাৱে সদৰী কৰা হৈছে ৷ ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ফালৰ পৰা শেহতীয়াকৈ মৃত্যু হোৱা লোকসকল আঠখন জিলা ক্ৰমে পাটনা, ছমস্তিপুৰ, ইষ্ট চাম্পাৰণ, ৱেষ্ট চাম্পাৰণ, শিৱহৰ, কাথিহাৰ, মাধেপুৰা আৰু পুৰ্ণিয়াৰ বুলি উল্লেখ কৰিছে ৷

ছমস্তিপুৰত সৰ্বাধিক সাত জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে পাটনাত ছয় জন, ইষ্ট চাম্পাৰণত চাৰি জন, কাথিহাৰত তিনি জন, শিৱহৰ আৰু মাধেপুৰাত দুজনকৈ আৰু ৱেষ্ট চাম্পাৰণ আৰু পুৰ্ণিয়াত এজনকৈ লোকৰ মৃত্যু হৈছে ৷

যোৱা 30 জুনতো পাঁচখন জিলাত 11 জনকৈ লোকৰ বজ্ৰপাতত মৃত্যু হৈছিল ৷ আনহাতে 25 জুনত 24 ঘণ্টাৰ ভিতৰত 23 খন জিলাত মুঠ 83 গৰাকী লোকৰ মৃত্যুৰ পঞ্জীয়ন কৰা হৈছিল ৷ বিহাৰৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্য়ে মৃত পৰিয়ালক 4 লাখ টকাৰ এককালীন সাহাৰ্য দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

ইপিনে বিহাৰৰ ওচৰ চুবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশৰ বাল্লিয়া জিলাত বৃহস্পতিবাৰে বজ্ৰপাত পৰাৰ ফলত 5 জন লোকৰ মৃত্যু হোৱাৰ লগতে 12 জনকৈ লোক গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত হৈছে ৷

লগতে পঢ়ক-সলনি হ’ব ‘Fair & Lovely’ ৰ নাম

Last Updated : Jul 3, 2020, 5:21 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.