ETV Bharat / bharat

মহাৰাষ্ট্ৰত কোভিড-১৯ত আক্ৰান্ত হৈ ৩০ জন আৰক্ষী কৰ্মীৰ মৃত্যু - mumbai corona virus death

মহাৰাষ্ট্ৰত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ জৰুৰী সেৱাত নিয়োজিত প্ৰায় ৩০ গৰাকী আৰক্ষী কৰ্মীৰ মৃত্যু হৈছে। তদুপৰি প্ৰায় ২৫০০ গৰাকী আৰক্ষীৰ লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাচৰ উপস্থিতি।

Maharashtra Police
30 Maharashtra Police personnel died of deadly virus so far
author img

By

Published : Jun 4, 2020, 5:21 PM IST

নিউজ ডেস্ক,৪ জুনঃ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত । ইতিমধ্যে ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই ৭৪,৮০০ অতিক্ৰম কৰিছে। বৰ্তমানেও ৰাজ্যখনত চিকিৎসাধীন অৱস্থাত আছে প্ৰায় ৩৯,৯৪৪ গৰাকী লোক। আনহাতে,এই মহামাৰীত মৃত্য়ুমুখত পৰিছে ২,৫৮৭ গৰাকী লোকে।

30 Maharashtra Police personnel died of deadly virus so far
মহাৰাষ্ট্ৰত কোভিড ১৯ ত আক্ৰান্ত হৈ ৩০ জন আৰক্ষী কৰ্মীৰ মৃত্যু

ৰাজ্যখনত কোভিড-১৯ৰ ফলত মৃত্যু হোৱা লোকৰ ভিতৰত আছে বহুসংখ্যক আৰক্ষীৰ লোক। এইপৰ্যন্ত ৰাজ্যখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ জৰুৰীসেৱাত নিয়োজিত প্ৰায় ৩০ গৰাকী আৰক্ষী কৰ্মীৰ মৃত্যু হৈছে। তদুপৰি প্ৰায় ২৫০০ গৰাকী আৰক্ষীৰ লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি। বৃহস্পতিবাৰে বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে এই কথা।

কোভিড-১৯ৰ ফলত মৃত্যু হোৱা ৩০ জন আৰক্ষী কৰ্মীৰ ভিতৰত ১৮ গৰাকী মুম্বাই আৰক্ষীত কৰ্মৰত আছিল। লক ডাউনৰ সময়ত এইসকল আৰক্ষী কৰ্মীৰ কোভিড-১৯ পজিটিভ পোৱা গৈছিল।

লগতে চাওকঃ কৰ'ণা ৰোগীক ENT অস্ত্ৰোপচাৰৰ পৰামৰ্শ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.