ETV Bharat / bharat

বাংলাদেশৰ বুড়িগংগা নদীত নাও দুৰ্ঘটনাত ৩০ জনৰ মৃত্যু - অধ্যক্ষ কমোডোৰ গোলাম চাদেক

সোমবাৰে পুৱা প্ৰায় ৯.৩০ বজাত ঢাকাৰ মুন্সীগঞ্জৰ পৰা অহা এখন নাৱে বুড়িগংগা নদীত চদৰঘাট লঞ্চ টাৰ্মিনেলৰ সমীপত ময়ূৰ-২ নামৰ এখন জাহাজত খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয় । নাওখনে ১০০ ৰো অধিক যাত্ৰী কঢ়িয়াই নিছিল ।

বাংলাদেশৰ বুড়িগংগা নদীত নাও দুৰ্ঘটনাত ৩০ জনৰ মৃত্যু

author img

By

Published : Jun 29, 2020, 8:43 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ জুন : বাংলাদেশৰ বুড়িগংগা নদীত সোমবাৰে এখন নাও উলটি গৈ কমেও ৩০ গৰাকী যাত্ৰী মৃত্যুমুখত পৰে । উল্লেখ্য যে, নাওঁখনে অন্য এখন জাহাজত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি বাংলাদেশৰ বিষয়ববীয়াই জানিবলৈ দিয়ে ।

ফায়াৰ চাৰ্ভিচ আৰু চিভিল ডিফেন্সৰ কৰ্মচাৰী শ্বহাদত হুছেইনে জানিবলৈ দিয়া অনুসৰি এতিয়ালৈকে ১৯ জন পুৰুষ, ৮ গৰাকী মহিলা আৰু ৩ টা শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । সোমবাৰে পুৱা প্ৰায় ৯.৩০ বজাত ঢাকাৰ মুন্সীগঞ্জৰ পৰা অহা এখন নাৱে চদৰঘাট লঞ্চ টাৰ্মিনেলৰ সমীপত ময়ূৰ-২ নামৰ এখন জাহাজত খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয় ।

বাংলাদেশৰ বুড়িগংগা নদীত নাও দুৰ্ঘটনাত ৩০ জনৰ মৃত্যু
বাংলাদেশৰ বুড়িগংগা নদীত নাও দুৰ্ঘটনাত ৩০ জনৰ মৃত্যু

স্থানীয় আৰক্ষীয়ে সদৰি কৰা অনুসৰি, নাওখনে ১০০ ৰো অধিক যাত্ৰী কঢ়িয়াই নিছিল । ইফালে, Bangladesh Inland Water Transport Authority (BIWTA)ৰ সংযুক্ত নিৰ্দেশক আলমগীৰ কবীৰে জানিবলৈ দিয়ে যে, তেওঁলোকে ময়ূৰ-২ জাহাজখন জব্দ কৰে যদিও জাহাজখনৰ কেপ্টেইন আৰু কৰ্মচাৰী পলাই যায় । BIWTAয়ে লঞ্চ টাৰ্মিনেলৰ তদন্তৰ বাবে চাৰিজনীয়া সমিতি গঠন কৰি দিয়ে আৰু ইয়াৰ অধ্যক্ষ কমোডোৰ গোলাম চাদেকক অতি শীঘ্ৰেই প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.