ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jan 9, 2021, 3:11 PM IST

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

3 pm top ten news
3 pm top ten news

হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন আছু কৰ্মীৰ

গোলাঘাটত ক'লা পতাকাৰ সন্মুখীন হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । গোলাঘাটৰ জেনেৰেল ফিল্ডত হেলিকপ্টাৰ যোগে অৱতৰণ কৰাৰ পিছতেই বাইক ৰেলীৰে উষা গৰঙা বাগান খেলপথাৰৰ যোগদান সভাৰ অভিমুখে ৰাওনা হয় মন্ত্ৰী গৰাকী ৷ বাইক ৰেলীৰ সময়তে আছু সদস্যই ক’লা পতাকা প্ৰদৰ্শন কৰে মন্ত্ৰীগৰাকীক । গোলাঘাট জিলা আছুৰ কাৰ্যালয়ৰ সন্মুখেৰে পাৰ হৈ আহোঁতেই কা বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছুৰ সদস্য সকলে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই স্কুটি চলাই বাইক ৰেলীৰ আগে আগে অহা পৰিলক্ষিত হয় ৷

দেশীয় দুটাকৈ প্ৰতিষেধকৰে ভাৰতে মানৱতা ৰক্ষা কৰিবলৈ সাজু: প্ৰধানমন্ত্ৰী

16 সংখ্যক প্ৰবাসী ভাৰতীয় দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সন্মিলনত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মোডীয়ে উক্ত সন্মিলনত প্ৰদান কৰা ভাষণত ভাৰতে দেশত নিৰ্মিত দুটাকৈ প্ৰতিষেধকৰে মানৱতা ৰক্ষা কৰিবলৈ সাজু বুলি ব্যক্ত কৰে ৷ ছিৰাম ইনষ্টিটিউট আৰু ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা প্ৰতিষেধক ব্যৱহাৰৰ ক্ষেত্ৰত ইতিমধ্যে অনুমোদন লাভ কৰা হৈছে ৷

নলবাৰীত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

নলবাৰীৰ সন্ধেলীত সংঘটিত পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী স্কুটী আৰোহী ৷ আৰোহীগৰাকী অনিল বৰ্মন বুলি চিনাক্ত ৷

কৰ’ণাৰ সাম্ভাৱ্য নতুন প্ৰবাহক লৈ আমেৰিকাত সতৰ্কতা জাৰি

আমেৰিকা যুক্তৰাষ্ট্ৰত অধিক সংখ্যক সংক্ৰমিত ক’ভিড 19ৰ ঘটনা পোহৰলৈ আহিব পাৰে বুলি সতৰ্কতা জাৰি কৰিছে হোৱাইট হাউচৰ টাস্ক ফ’ৰ্চে ৷ টাস্ক ফ’ৰ্চে কয় যে,শেহতীয়াকৈ বৃদ্ধি পোৱা কৰ’ণা ৰোগীৰ সংখ্যা গ্ৰীষ্ম আৰু বসন্তকালত আক্ৰান্ত ৰোগীৰ সংখ্যাৰ দুগুণ ৷

ৰাইজৰ সমৰ্থন দেখি মই অখিলৰ অভাৱ অনুভৱ কৰা নাই:প্ৰিয়দা গগৈ

ৰাইজৰ দলৰ অভিৱৰ্তনৰ অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত হয় কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ ৷ অখিল গগৈ কাৰাবন্দী হৈ আছে যদিও তেওঁৰ প্ৰতি ৰাইজৰ সমৰ্থন দেখি পুত্ৰৰ পৰা আতৰত থকাৰ দুঃখ অনুভৱ কৰা নাই বুলি মন্তব্য কৰে অখিলৰ মাতৃয়ে ৷ ইয়াৰ উপৰিও অনাগত দিনসমূহতো সকলোকে লগে ভাগে থকাৰ বাবেও আহ্বান জনায় প্ৰিয়দা গগৈয়ে ৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবেও দলটোৰ লগতে পুত্ৰ অখিল গগৈক আশীৰ্বাদ কৰা বুলি কয় অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে ৷

@POTUS একাউন্টৰ পৰা ট্ৰাম্পৰ টুইট আঁতৰালে টুইটাৰে

@realDonaldTrump টুইটাৰে বন্ধ কৰি দিয়াৰ পাচত @POTUS ৰ পৰা ট্ৰাম্পৰ টুইট ৷ এক মিনিটৰ ভিতৰতে টুইট আঁতৰালে মাইক্ৰ’ব্লগিং চাইটটোৱে ৷

জনীয়াত প্ৰায় দহ সহস্ৰাধিক এআইইউডিএফ সদস্যই যোগ দিব এজেপিত

দহ জানুৱাৰীত বৰপেটালৈ যাব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ৷ যুৱনেতা গৰাকীৰ আগমণৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । বামুণটাৰীৰ উদমাৰীস্থিত আতোৱাৰ ৰহমান কলেজ খেল পথাৰত দেওবাৰে দিনৰ ১২ বজাত উপস্থিত হ’ব লুৰিণজ্যোতি গগৈ ।

অসমীয়াৰ অন্যতম থলুৱা খাদ্য জলপান

সন্মুখত হেঁপাহৰ ভোগালী বিহু ৷ ভোগালীৰ ভোগ বুলি ক’লে পোনপ্ৰথমে মনলৈ আহে ‘জলপান’ ৷ জলপান হৈছে অসমীয়াৰ অন্যতম প্ৰধান থলুৱা খাদ্য ৷ চিৰা, দৈ, গুৰেৰে তৈয়াৰী জলপানেৰে আপুনিও আনন্দ লওক এইবেলি ভোগালী বিহুৰ...

আঁচনি ৰূপায়ণৰ নামত ধুবুৰীত ব্যাপক দুৰ্নীতি

চৰ গ্ৰামঞ্চলৰ সৰ্বাঙ্গীন উন্নয়নৰ প্ৰতি লক্ষ্য কৰি ৰাজ্যত আৰম্ভ কৰা হৈছিল পঞ্চায়তীৰাজ ব্যৱস্থা। কিন্তু ধুবুৰী জিলাৰ বিভিন্ন পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত চলিছে কেৱল দুৰ্নীতি লুণ্ঠনৰাজ ।

100+ আসন দখলৰ লক্ষ্যৰে গোলাঘাটত বিজেপিৰ সদস্যভৰ্তি অভিযান

সমাগত নিৰ্বাচনত শতাধিক আসন লাভৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে আৰম্ভ কৰিছে মিছন 100+ ৷ সেই লক্ষ্যত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে বিজেপিয়ে আৰম্ভ কৰিছে সদস্যভৰ্তি অভিযান ৷ এই অভিযানৰ অংশস্বৰূপে গোলাঘাটত গেৰুৱা বাহিনীয়ে শনিবাৰে অনুষ্ঠিত কৰিছে সদস্য যোগদানৰ বিশাল কাৰ্যসূচী ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকিব নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা, ন বিজেপি অজন্তা নেওগকে ধৰি দলটোৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতা-দলীয় কৰ্মী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.