পঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰ
কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে আমন্ত্ৰণ পঞ্জাৱৰ কৃষকক ৷ কৃষক আইন সন্দৰ্ভত আলোচনা কৰিব কৃষকে ৷
বন মাফিয়াৰ দপদপনিঃ ধূতৰাষ্ট্ৰৰ ৰূপত পলাশবাৰী বন বিভাগ
পলাশবাৰীত বন বিভাগৰ চকুত ধুলি দি বন মাফিয়াৰ বন ধংস যজ্ঞ অভিযান অব্যাহত ৷ নিৰৱ দৰ্শকৰ ভূমিকা পলাশবাৰী বন বিভাগৰ ৷
ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবে পৰিদৰ্শন কৰিলে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ
অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন ৷ কাৰাগাৰৰ কাৰাবন্দী তথা ডি ভোটাৰ লোক সকলক বৰুৱাৰ সাক্ষাৎ ৷ সোনকালে মুক্তিৰ ব্যৱস্থা কৰি দিবৰ বাবে অতিৰিক্ত মুখ্য সচিব গৰাকীক আবেদন জনালে কাৰাবন্দী ডি ভোটাৰ লোকসকলে ৷
কামপুৰত পিতৃৰ হাতত প্ৰাণ গল 7 বছৰীয়া পুত্ৰৰ
কামপুৰত সংঘটিত হৈছে এক নৃশংস ঘটনা ৷ পিতৃয়ে হত্যা কৰিলে পুত্ৰক ৷ আটক কৰা হৈছে পিতৃক ৷ আৰক্ষীৰ তদন্ত আৰম্ভ ৷
বোৱা-কটাৰ জড়িয়তে স্বাৱলম্বীতাৰ নিদৰ্শন কবিৰ উদ্দিন আৰু তেওঁৰ পত্নীৰ
চৰকাৰী চাকৰিলৈ আশা নকৰি বোৱা-কটাৰ জড়িয়তে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে ধুবুৰীৰ এক দম্পত্তিয়ে ৷ ঘৰতে তাঁতশাল বহুৱাই নিজৰ লগতে আন দহজনৰ বাবে স্বাৱলম্বীতাৰ বাট মুকলি কৰি দিছে কবিৰ উদ্দিন আৰু তেওঁৰ পত্নীয়ে ৷
স্তন কেন্সাৰ সজাগতা মাহ উপলক্ষে হেল্থ চিটিৰ উদ্যোগত বাইক ৰেলী
স্তন কেন্সাৰ সজাগতা মাহ উপলক্ষ্যে গণ সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজিত এই বাইক ৰেলীৰ শুভাৰম্ভ কৰে স্বাস্থ্য বিভাগৰ মুখ্য সচিব সমীৰ সিনহা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে ৷
বঙাইগাঁৱত জুইত জাহ গ’ল দুটাকৈ গুদাম ঘৰ
বঙাইগাঁৱত জুইত জাহ গ'ল দুটাকৈ গুদাম ঘৰ ৷ পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডটোত কেইবা কোটি টকাৰ ক্ষতি ৷ অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷
ৰঙিয়াত ষ্টেট বেংকৰ গ্ৰাহকৰ একাউন্টৰ পৰা 9 লাখ টকা হৰলুকি
ৰঙিয়াত পুনৰ বেংক হৰলুকিৰ ঘটনা ৷ দুষ্ট চক্ৰই বেংকৰ পৰা লুটি নিলে 9 লাখ 13 হাজাৰ টকা ৷ ৰঙিয়া আৰক্ষীত এজাহাৰ দাখিল ৷
SI কেলেংকাৰী প্ৰসংগঃ ৰঙাপৰাত আটক আৰু এজন
ৰাজ্যত অসম আৰক্ষী উপ পৰিৰ্দশক পদৰ পৰীক্ষাৰ কেলেংকাৰীৰ লগত জড়িত এজনৰ পিছত আনজন খলনায়কক গ্ৰেপ্তাৰ কৰি গৈছে অসম আৰক্ষীয়ে ৷ শনিবাৰে ৰঙাপৰাতো আৰক্ষীয়ে আটক কৰিলে জিন্তু নাথ নামৰ আন এজন অভিযুক্ত ৷
মৰিগাঁৱত জব্দ বৃহৎ পৰিমাণৰ অবৈধ পেট্ৰ’ল
উজনি অসমৰ দিশৰ পৰা আহি মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী থানাৰ অৰ্ন্তগত তেলাহি ওমৰ ফাৰুক নামৰ এজন তেল মাফিয়াৰ ঘৰত খালি কৰিবলৈ যো-যা চলোৱাৰ সময়তে অবৈধ তেলখিনি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷