ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি
author img

By

Published : Sep 27, 2020, 3:03 PM IST

আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষৰ পদ এৰিলে প্ৰদীপ কুমাৰে

অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া প্ৰদীপ কুমাৰে ৷ দেওবাৰে দুপৰীয়া এক বিবৃতি যোগে তেওঁ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে বিষয়াগৰাকীয়ে ৷

গোলাঘাটৰ ভিন্ন অঞ্চলত চেনিটাইজেচন

গোলাঘাটত দেওবাৰে বিভিন্ন ৰাজহুৱা স্থানত চেনিটাইজেচন কৰা হৈছে ৷ জিলাখনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যালয়, নামঘৰ, সাংবাদিক সংস্থা, প্ৰেছ ক্লাব, স্বাস্থ্য যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত চেনিটাইজেচন কৰে প্ৰধানমন্ত্ৰীৰ জন কল্যাণকাৰী যোজনাৰ দায়িত্ববাহী এটা দলে ৷

জোনাইত ঘৰুৱা সামগ্ৰীৰে যুৱকে নিৰ্মাণ কৰি উলিয়ালে দমকল

ধেমাজিৰ যুৱকে ব্যতিক্ৰমীৰূপে নিৰ্মাণ কৰি উলিয়াইছে দমকল ৷ বাঁহ,কাঠ আৰু প্লাষ্টিকৰ সহায়ত নিৰ্মাণ কৰি উলিয়াইছে দমকলটো ৷

ইটিভি এক্সক্লুচিভ : এইবাৰ কৃষি বিভাগৰ পৰীক্ষা পতাৰ দায়িত্ব বহিৰাগত প্ৰতিষ্ঠানক

এইবাৰ অসম আৰক্ষীৰ পিছত কৃষি বিভাগে পূৰণ কৰিবলৈ ওলাইছে প্ৰায় দুহেজাৰটা পদ । এই পদসমূহৰ বাবে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা পাতিবলৈ ৰাজ্যৰ বাহিৰৰ তিনিটাকৈ ব্যক্তিগত প্ৰতিষ্ঠানক ইতিমধ্যে বাচনি কৰা হৈছে ।

কৃষকে আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিশেষ অৰিহণা যোগাইছে : প্ৰধানমন্ত্ৰী

চলিত মন কি বাতত দেশৰ কৃষকক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ কৃষি বিধেয়ক 2020ৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদৰ জোৱাৰ চলি থকাৰ সময়তে দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ কৃষকসকলে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাত উল্লেখনীয় অৱদান আগবঢ়াইছে বুলি প্ৰকাশ কৰে ৷

দলগাঁৱত বিফল স্বচ্ছ ভাৰত অভিযান আঁচনি

স্বচ্ছ ভাৰত অভিযান আঁচনিৰ নগ্ন স্বৰূপ দলগাঁৱত ৷ দলগাঁৱৰ মাজমজিয়াস্থিত ৰাজ্যিক চিকিৎসালয়ৰ গাতে লাগি থকা জাৱৰৰ দমে উদঙাইছে স্বচ্ছ ভাৰত অভিযান আঁচনিৰ প্ৰকৃত ছবি ৷ কাণসাৰ নাই স্থানীয় বজাৰ সমিতিৰ ৷

লখৰা সাপ্তাহিক বজাৰত ক'ভিড প্ৰট'কল ভংগ গ্ৰাহক-ব্যৱসায়ীৰ

শোণিতপুৰ জিলাৰ সাপ্তাহিক বজাৰত গ্ৰাহক তথা ব্যৱসায়ীৰ ক'ভিড প্ৰট'কল ভংগ ৷ সামগ্ৰী ক্ৰয় কৰিবলৈ অহা একাংশ লোকে মাস্ক পৰিধান নকৰি সামাজিক দুৰত্ব ভংগ কৰা পৰিলক্ষিত হৈছে ৷ চিন্তিত জিলাখনৰ সচেতন মহল ৷

প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ দেহাৱসান

বাঘবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ 65 বছৰ বয়সত মৃত্যু ৷ ১৯৯১ চনত অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনত ৪৫ নম্বৰ বাঘবৰ সমষ্টিত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিল ৷

আহিনীয়া বানত বানাক্ৰান্তৰ দুৰ্বিষহ জীৱন

আহিনীয়া বানৰ কবলত পৰিছে ধেমাজি বিধান সভা সমষ্টিৰ লক্ষীপথাৰ পঞ্চায়তৰ অন্তৰ্গত বৰুৱা লালুং, ১ আৰু ২ নং বৰুৱা গাঁৱৰ বিস্তীৰ্ণ অঞ্চল ৷

বিলাসীপাৰাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল

দেওবাৰে কেইবাটাও দাবীৰে বিলাসীপাৰাত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৷ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাঙালীপাৰাত ৰূপায়ন কৰে এই কাৰ্যসূচী ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.