অপৰিস্কাৰ হৈয়ে ৰৈছে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহৃত বিদ্যালয়
কামপুৰৰ শিক্ষানুষ্ঠানসমূহত পুনৰ আৰম্ভ হৈছে শ্ৰেণীকোঠাৰ পাঠদান ৷ স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা কামপুৰৰ একাংশ বিদ্যালয় আজিপৰ্যন্ত অপৰিস্কাৰ অৱস্থাত আছে ৷ ফলত ভয় আৰু শংকাৰ মাজেৰে বিদ্যালয়ত উপস্থিত হৈছে শিক্ষাৰ্থীসকল ৷
দিহিংমুখত সোমবাৰে একেলগে প্ৰায় 100 ৰো অধিক লোকৰ সমাগম ৷ মাছৰ উজান উঠাত সোমবাৰে পুৱাই ব্যস্ত হ'ল মাছ ধৰাত দিহিং মুখৰ ৰাইজ ৷ দিহিংমুখ অঞ্চলৰ লাইবিল-মিৰিপথাৰ জানত বাট', কুৰি, ৰৌ পোৱালী আদি ভিন্ন প্ৰজাতিৰ মাছৰ উজান ৷
চিনামৰা ৰে'ল গেটৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড
সোমবাৰে পুৱতি নিশা যোৰহাটৰ চিনামৰাৰ ৰে'ল গেটৰ সমীপত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ জুইৰ লেলিহান শিখাই নিমিষতে ভস্মীভূত কৰিলে চাৰিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ৷
এদিনতে 10 টা আধাৰশিলা স্থাপন মন্ত্ৰী নৱ কুমাৰ দলেৰ
লখিমপুৰত 10 টা আধাৰশিলা স্থাপন মন্ত্ৰী নৱ কুমাৰ দলেৰ ৷ বগীনদী উন্নয়ন খণ্ডৰ কেইবাটাও পঞ্চায়তত আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ৷
বিটিচিৰ নিৰ্বাচন পিছুওৱা সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰনীয়াৰ প্ৰতিক্ৰিয়া
নিৰ্বাচন পিচুৱাই দিয়াৰ সলনি নিৰ্বাচন অনুষ্ঠিত কৰিলে সমস্যা এটাৰ সমাধান হ'ব বুলি মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰনীয়াই ৷ অৰ্থাৎ ৰাজ্যপালৰ শাসনৰ ছয় মাহ সময় শেষ হোৱাৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষপাতি সাংসদ গৰাকী ৷
ক'ভিড প্ৰট'কলেৰে ৰাজ্যৰ বিভিন্ন স্থানত আৰম্ভ হ'ল পাঠদান প্ৰক্ৰিয়া
সমগ্ৰ ৰাজ্যতে আজিৰে পৰা আৰম্ভ হ'ল পাঠদান প্ৰক্ৰিয়া ৷ ৰাজ্যৰ তেজপুৰ, শিৱসাগৰ আৰু নলবাৰী জিলাতো আৰম্ভ হয় পাঠদান প্ৰক্ৰিয়া ৷ চৰকাৰী সকলো নিয়ম মানি বিদ্যালয়সমূহত আৰম্ভ হয় পাঠদান প্ৰক্ৰিয়া ৷
ৰিপুন বৰাসহ সংসদৰ 7 সদস্যক এসপ্তাহৰ বাবে সদনৰ পৰা বহিস্কাৰ
সদনৰ পৰা সাত দিনলৈ নিলম্বন ৰিপুন বৰাকে ধৰি অন্য 7 জন সাংসদ ৷ সদনত উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগত নিলম্বন 8 সাংসদ ৷ দেওবাৰে কৃষি বিধেয়কক লৈ সদনত সৃষ্টি কৰা উত্তপ্ত পৰিৱেশৰ বাবে নিলম্বন ৷ এই ঘটনাক দুৰ্ভাগ্যজনক আৰু গৰিহনাযোগ্য আখ্যা সংসদৰ অধ্যক্ষ এম ভেঙ্কাইয়া নাইডুৰ ৷
ঘৰ হেৰুৱাইছে বনপুৰৈ জামুগুৰিবাসীয়ে...
খহনীয়াই আতংক কঢ়িয়াইছে নাৰায়ণপুৰবাসীৰ মাজত ৷ অঞ্চলটোত খহনীয়াৰ তাণ্ডৱ অব্যাহত থকাৰ বাবে বহু লোকে হেৰুৱাবলগীয়া হৈছে সৰ্বোচ্চ ৷ পূৰ্বে লাখটকীয়া জিঅ’ বেগেৰে মথাউৰি ৰক্ষাৰ চেষ্টা চলোৱা বিভাগীয় কৰ্তৃপক্ষৰ চেষ্টা অসাৰ কৰি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় এই মথাউৰিৰ একাংশ ৷
লখিমপুৰত জবকাৰ্ড হিতাধিকাৰীৰ প্ৰতিবাদ
নিজৰ প্ৰাপ্য আদাৰ দাবীৰে সোমবাৰে লখিমপুৰত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ জবকাৰ্ড হিতাধিকাৰীয়ে ৷ এটা পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ ছমাহ উকলি যোৱাৰ পাচতো হিতাধিকাৰী সকল নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে ৷
গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ কাণ্ডত সচকিত ৰাইজ
ক'ভিড আক্ৰান্ত এগৰাকী ৰোগীৰ মৃতদেহ প্ৰশাসনে পৰিয়ালৰ লোকক চমজাই দিয়াৰ পাছত পুনৰ উভতাই নিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় গোলাঘাট জিলাৰ 1 নং উল্টাজানত ৷